গুৱাহাটী, ৯ জানুৱাৰী :আপুনি জানেনে-আপোনাৰ মূৰৰ ওপৰত আছে ২৪ হাজাৰ টকাৰ ধাৰ ? কেৱল আপুনিয়েই নহয়,অসমৰ প্ৰতিজন নাগৰিকৰ মূৰৰ ওপৰত আছে ২৪ হাজাৰ টকাকৈ ধাৰৰ বোজা । আপোনাৰ অজ্ঞাতেই আপুনি ২৪ হাজাৰকৈ টকাৰ ধৰুৱা হৈ আছে । কিয়নো বিগত চাৰে চাৰি বছৰীয়া শাসনকালত ৰাজ্য চৰকাৰখনে মূলতঃ হিতাধিকাৰী সৃষ্টিৰ বাবে যিমানবিলাক অভিলাসী আঁচনি ঘোষণা বা ৰূপায়ণ কৰিছে তাৰে বেছিভাগেই চলিছে ধাৰৰ টকাৰে ।
ইটিভি ভাৰতে চলোৱা এক অনুসন্ধানত ৰাজ্যৰ বিত্ত বিভাগৰ পৰা লাভ কৰা হৈছে এই গুৰুত্বপূৰ্ণ তথ্য । আজিৰ তাৰিখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখন সৰ্বমুঠ ৭৯,১২২.৬৪ কোটি টকাৰ ধাৰৰ বোজাত পোত খাই আছে । সেই হিচাপত অসমৰ প্ৰতিজন নাগৰিকৰ মূৰৰ ওপৰত আজিৰ তাৰিখত ধাৰৰ বোজা হ'ল ২৪ হাজাৰকৈ টকা ।
কেৱল কেন্দ্ৰীয় চৰকাৰেই নহয়,বিভিন্ন বিদেশী সংস্থা,বেংক আদিৰ পৰাও যোৱা চাৰে চাৰি বছৰত ধাৰ লৈ আহিছে ৰাজ্য় চৰকাৰে । বিত্ত বিভাগৰ শীৰ্ষস্তৰীয় এক সূত্ৰই দিয়া তথ্য অনুসৰি এই সংস্থাসমূহৰ ভিতৰত আছে এছিয়ান ডেভেলপমেন্ট বেংক,ইন্টাৰনেচনেল বেংক ফৰ ৰিক'নষ্ট্ৰাকছন এণ্ড ডেভলপমেন্ট (আই বি আৰ ডি), ইন্টাৰনেচনেল ডেভল'পমেন্ট অৰ্গেনাইজেশ্বন (আই ডি এ), নিউ ডেভেল'পমেণ্ট বেংক (এন ডি বি) আদি । বিগত ২০২০ বৰ্ষৰ ৭ ছেপ্টেম্বৰ পৰ্যন্ত এই বিদেশী বেংক সমূহৰ পৰা ৰাজ্য চৰকাৰে লোৱা ধাৰৰ পৰিমাণ হ'ল প্ৰায় ৪,৩১৪.০৬ কেটি টকা । কেৱল এছিয়ান ডেভেলপমেন্ট বেংকেই অসম চৰকাৰক ১১ খন আঁচনিৰ বিপৰীতে ধাৰ দি থৈছে ১,৪৭৮.৫৯ কোটি টকা ।