গুৱাহাটী , 19 মে':হাইস্কুল শিক্ষান্ত পৰীক্ষাত 96 শতাংশ নম্বৰ লাভ কৰিও সুখী নহয় দক্ষিণ কামৰূপৰ মিৰ্জাৰ দেবাশীষ কলিতা নামৰ এজন ছাত্ৰ ৷ দেবাশীষ কলিতা দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত সৰস্বতী শিক্ষা নিকেটন বিদ্যালয়ৰ ছাত্ৰ ৷
96 শতাংশ নম্বৰ তথাপিও অসুখী ! - etv bharat assam
মিৰ্জাৰ জামৰতলৰ এইজন ছাত্ৰই কটন মহাবিদ্যালয়ত নামভৰ্তি কৰি ভৱিষ্যতত কেন্দ্ৰীয়লোক সেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ এজন ভাল বিষয়া হোৱাৰ সপোন ৰচিছে ৷

গণিত আৰু উচ্চ গণিতত 100 নম্বৰ লাভ কৰি সৰ্বমুঠ 96 শতাংশ পোৱা এই ছাত্ৰজন নিজৰ ফলাফলক লৈ সুখী নহয় ৷ কিয়নো ছাত্ৰজনৰ ম'তে তেওঁ আৰু কিছু নম্বৰ লাভ কৰিব লাগিছিল ৷ মিৰ্জাৰ জামৰতলৰ এইজন ছাত্ৰই কটন মহাবিদ্যালয়ত নামভৰ্তি কৰি ভৱিষ্যতত কেন্দ্ৰীয়লোক সেয়া আয়োগ পৰীক্ষাত অৱতীৰ্ণ হৈ এজন ভাল বিষয়া হোৱাৰ সপোন ৰচিছে ৷ আনহাতে অধ্যয়নৰ মাজতো ব্যস্ত থাকি দেবাশীষ বাদ্য যন্ত্ৰৰ আৰু ছবি অকাত ব্যস্ত থাকে ৷
গকুল কলিতা আৰু গীতা কলিতাৰ পুত্ৰ দেৱশীষ কলিতাই চিত্ৰাংকন আৰু তবলাৰ প্ৰতিযোগিতাত বিভিন্ন স্থানত অংশগ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ লাভ কৰি দক্ষিণ কামৰূপলৈ সুনাম কঢ়িয়াই আনিছে ৷