অসম

assam

ETV Bharat / state

স্বাস্থ্যমন্ত্ৰীক উভতি ধৰিলে দেৱব্ৰত শইকীয়াই - ক'ভিড 19

এজন দায়িত্বশীল মন্ত্ৰী হিচাপে তেওঁৰ পৰা এনেধৰণৰ মন্তব্য কোনেও আশা নকৰে । কংগ্ৰেছে ক'ৰণাক লৈ ৰাজনীতি কেতিয়াও কৰা নাই আৰু নকৰেও । ইয়াক লৈ যদি কোনোবাই ৰাজনীতি কৰিছে তেন্তে সেয়া হ'ল স্বাস্থ্য মন্ত্ৰী নিজেই আৰু বিজেপি দলে ।

DEBABRATA SAIKIA REPLY TO HEALTH MINISTER HIMANTA BISWA SARMA
স্বাস্থ্যমন্ত্ৰীক উভতি ধৰিলে দেৱব্ৰত শইকীয়াই

By

Published : Jul 22, 2020, 10:56 PM IST

গুৱাহাটী, 22 জুলাইঃকংগ্ৰেছে ৰাজনীতি কৰা বুলি সংবাদ মেলত মন্তব্য কৰা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰি কয় যে,ক'ৰণা ভাইৰাছক লৈ ৰাজনীতি কোনে কৰিছে সেয়া ৰাইজে দেখি আহিছে । এজন দায়িত্বশীল মন্ত্ৰী হিচাপে তেওঁৰ পৰা এনেধৰণৰ মন্তব্য কোনেও আশা নকৰে । কংগ্ৰেছে ক'ৰণাক লৈ ৰাজনীতি কেতিয়াও কৰা নাই আৰু নকৰেও । ইয়াক লৈ যদি কোনোবাই ৰাজনীতি কৰিছে তেন্তে সেয়া হ'ল স্বাস্থ্য মন্ত্ৰী নিজেই আৰু বিজেপি দলে ।

স্বাস্থ্যমন্ত্ৰীক উভতি ধৰিলে দেৱব্ৰত শইকীয়াই

ইয়াৰ উপৰিও নেতাগৰাকীয়ে ক'ভিড-19ত আক্ৰান্ত ৰোগী সুস্থ হৈ হাস্পতালৰ পৰা ঘৰলৈ যাওতে হেলিকপ্টাৰ লৈ গৈ মালা কোনে পিন্ধাইছিল বুলিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰে ৷ আনহাতে দেৱব্ৰত শইকীয়াই কংগ্ৰেছে ক'ৰণাক লৈ যে ৰাজনীতি নকৰে সেই কথা যোৱাটো বিধানসভা অধিবেশনৰ সময়তে সদনত স্পষ্ট কৰি দিছিল বুলি মন্তব্য কৰে ৷

স্বাস্থ্যমন্ত্ৰীক উভতি ধৰিলে দেৱব্ৰত শইকীয়াই

লগতে পঢ়কঃউত্তৰ প্ৰদেশ চৰকাৰক গুণ্ডাৰাজ অভিহিত কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details