গুৱাহাটী, ২২ ছেপ্টেম্বৰ: শিলচৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমত কাশ্মীৰৰ নিচিনা পৰিস্থিতি হ'ব, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সদস্য সকলে অসমক ৰক্ষা কৰিব লাগিব বুলি কৰা মন্তব্যৰ বিৰুদ্ধে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিৰোধী দলপতি গৰাকীয়ে কয় যে, ভাৰতীয় জনতা পাৰ্টিয়ে হিন্দুত্ববাদক প্ৰাধান্য দিবলৈ গৈ হিন্দুধৰ্মৰ অনিষ্ট কৰি আহিছে ।
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই গো-সুৰক্ষা আইন, মাদ্ৰাছা বন্ধ আইন, জনসংখ্যা বিস্ফোৰণৰ বিৰুদ্ধে কঠোৰ আইন আনি অসমক RSS ৰ কথামতে হিন্দুত্ববাদৰ এক পৰীক্ষাগাৰলৈ ৰূপান্তৰ কৰিছে । দেৱব্ৰত শইকীয়াই লগতে কয়, " মই মুখ্যমন্ত্ৰীক অসমক হিন্দুত্ববাদৰ পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনাইছো ।
লগতে পঢ়ক:ড৹ কুলধৰ শইকীয়ালৈ ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা