গুৱাহাটী,19 এপ্ৰিল: বিজেপি চৰকাৰে গণতন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ৷ এই অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ চৰকাৰী তদন্তকাৰী সংস্থাসমূহক বিজেপি চৰকাৰে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে ব্যৱহাৰ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতিগৰাকীয়ে ৷ তেওঁ কয় যে বিজেপিয়ে চি বি আই, ইডি, নিয়া আদি বিভিন্ন চৰকাৰী বিভাগক তেওঁলোকৰ ৰাজনৈতিক অভিসন্ধি আৰু বিৰোধীৰ মাত বন্ধ কৰিবলৈ ব্যৱহাৰ কৰি আছে (Debabrata Saikia Reaction) ৷
বিজেপি চৰকাৰে এই বিভাগ সমূহৰ জৰিয়তে বিৰোধীৰ ওপৰত হেঁচা প্ৰয়োগ কৰি তেওঁলোকৰ দলত বিৰোধী নেতা সকলক চামিল কৰোৱাৰ লগতে কেতবোৰ ভুৱা আৰু মনেসজা গোচৰত অভিযুক্ত কৰি বিৰোধীৰ নিকা ভাৱমূৰ্তিক আঘাত কৰাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে ৷ এইক্ষেত্ৰত তেওঁ কেতবোৰ নেতাৰ প্ৰসংগ উল্লেখ কৰে ৷ যিসকল নেতাক চৰকাৰে বিভিন্ন গোচৰত অভিযুক্ত কৰাই ভাৱমূৰ্তি নষ্ট কৰিছে বা তেওঁলোকৰ দলত চামিল কৰোৱাৰ অভিসন্ধি ৰচিছে ৷ এইক্ষেত্ৰত তেওঁ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ কথা উল্লেখ কৰি কয় যে, এনে ধৰণৰ কাৰ্য ভয়-ভাবুকিৰে চৰকাৰী পক্ষৰ প্ৰতি সমৰ্থন আদায়ৰ এক কৌশল (Debabrata Saikia Reaction on BJP Govt) ৷