গুৱাহাটী, ২৩ জুলাই : দিল্লী ভ্ৰমণত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কৰা কেতবোৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই (Debabrata Saikia reacted Himanta Biswa Sharma remarks) । মুখ্যমন্ত্রীয়ে নিজৰ দায়িত্বৰ পৰা আঁতৰি মন্তব্য কৰা বুলি সদৰী কৰি বিৰোধী দলপতিগৰাকীয়ে অসম লোকসেৱা আয়োগৰ ২০১৩ বৰ্ষৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্রীৰ স্থিতিক লৈ সৰৱ হৈ পৰে (CM stand on Biplab Kumar Sharma Commission report)।
মুখ্যমন্ত্রীয়ে কৰোবাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে বুলি তেওঁ অভিযোগ কৰে । তেওঁ আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বাবে দাবী জনায় । বানপানীৰ ক্ষেত্রত এন ডি আৰ এফৰ সাহায্য পুঁজিৰ (NDRF Relief Fund) প্ৰয়োজন নাই বুলি মুখ্যমন্ত্রীয়ে কৰা মন্তব্যৰ প্ৰসংগত তেওঁ কয় যে মুখ্যমন্ত্রীয়ে বান সাহায্যৰ বাবে প্ৰয়োজন হোৱা পুঁজি কেন্দ্ৰৰ পৰা আনিবলৈ সক্ষম হোৱা নাই । কেন্দ্ৰই অসমক কৰা চৰম প্ৰৱঞ্চনা ঢাকিবলৈ মুখ্যমন্ত্রীয়ে এনেদৰে মন্তব্য কৰিছে । তেওঁ কয় যে বানাক্ৰান্তক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত পুঁজি নাই ।