অসম

assam

ETV Bharat / state

Opposition Leader Debabrata Saikia: অসমৰ পৰা জীৱ জন্তু চৰকাৰৰ পৃষ্ঠপোষকতাত বাহিৰলৈ সৰবৰাহ হয়: দেৱব্ৰত শইকীয়া - বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া

অসমৰ পৰা বহু জীৱ-জন্তু অসম চৰকাৰৰ পৃষ্ঠপোষকতাত বাহিৰলৈ সৰবৰাহ কৰা হয় (Animals smuggling from Assam)। চৰকাৰৰ পৃষ্ঠপোষকতাত অসমৰ পৰা সৰবৰাহ কৰা বহু জীৱ-জন্তু অসমলৈ ঘুৰি নাহে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Opposition Leader Debabrata Saikia)।

Debabrata Saikia has alleged that Animals smuggling from Assam under govt sponsorship
বন্যহস্তী সৰবৰাহৰ সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া দেৱব্ৰত শইকীয়াৰ

By

Published : Dec 22, 2022, 7:53 PM IST

বন্যহস্তী সৰবৰাহৰ সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া দেৱব্ৰত শইকীয়াৰ

গুৱাহাটী,22 ডিচেম্বৰ: অসমৰ পৰা বহু জীৱ-জন্তু অসম চৰকাৰৰ পৃষ্ঠপোষকতাত বাহিৰলৈ সৰবৰাহ কৰা হয় (Animals smuggling from Assam)। চৰকাৰৰ পৃষ্ঠপোষকতাত অসমৰ পৰা সৰবৰাহ কৰা বহু জীৱ-জন্তু অসমলৈ ঘুৰি নাহে ৷ এই অভিযোগ আমাৰ নহয়, এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Opposition Leader Debabrata Saikia)। বৃহস্পতিবাৰে বিধানসভাৰ তৃতীয় দিনৰ অধিৱেশনৰ (Assam Assembly Winter Session) অন্তত বিধানসভাৰ চৌহদৰ বাহিৰত সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

দেৱব্ৰত শইকীয়াই অভিযোগ কৰি কয়, "আজি বিধানসভাত বহিঃৰাজ্যলৈ হস্তী সৰবৰাহ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হৈছিল (Debabrata Saikia react on Animals smuggling) । বনমন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি ২০০৬ ৰ পৰা বৰ্তমানলৈকে অসমৰ পৰা বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা মুঠ হাতীৰ সংখ্যা ৯৭ টা । অসমৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰা সকলো হাতীয়ে ঘৰচীয়া । বহিঃৰাজ্যলৈ সৰবৰাহ কৰা সকলো বিলাক হাতী ২-৩ বছৰৰ সময়সীমাৰ কাৰণে পঠোৱা হৈছে বুলি উত্তৰ দিছে । ঘৰচীয়া ব্যক্তিগত হ’লেও হাতীসমূহ ওভতাই আনিবৰ বাবে সময়ে সময়ে পত্ৰ প্ৰেৰণ কৰি থকা হৈছে বুলি বনমন্ত্ৰীয়ে উত্তৰ দিছে (Animals exported from Assam) ।"

লগতে পঢ়ক:Illegal Coal Mining in Assam: কয়লাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ বিধায়ক অখিল গগৈ

দেৱব্ৰত শইকীয়াই লগতে কয়, "বিধানসভাত বনমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটি-কালি ৯৪৬.৫২৯ বর্গ কিলোমিটাৰ বুলি তথ্য দিছে । লগতে বনমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে আৰু এনিমেল কৰিডৰত (Animal corrdidor) অবৈধ দখল আৰু ব্যৱসায়ী চলি নথকা বুলি সদৰী কৰিছে । কিন্তু এয়া মিছা কথা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে আৰু এনিমেল কৰিডৰত অবৈধ দখল আৰু ব্যৱসায়ী বৰ্তমানো চলি আছে ।"

উল্লেখ্য যে অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ বৃহস্পতিবাৰে তৃতীয় দিনৰ কাৰ্যসূচী পৰিবেশ, বন, শিক্ষা, সংস্কৃতি বিভাগ, খনিজ সম্পদ আদি বিষয়ৰ তৰাবিহীন আৰু পৰিপূৰক প্ৰশ্ন আৰু কেইবাখনো বিধেয়ক উত্থাপন আৰু গৃহীত কৰা কাৰ্যসূচীৰে সম্পন্ন হয় । অসম বিধানসভাৰ অধিসূচনা অনুসৰি পঞ্চদশ অসম বিধানসভা, ২০২২ বৰ্ষৰ শীতকালীন অধিবেশনখন যোৱা মঙলবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । অহা শনিবাৰে অসম বিধানসভা, ২০২২ বৰ্ষৰ শীতকালীন অধিবেশনখন অন্ত পৰিব ।

লগতে পঢ়ক:Assam assembly winter session : অধিবেশনৰ তৃতীয় দিনা সদনত কি কি বিধেয়ক গৃহীত হ'ল ?

ABOUT THE AUTHOR

...view details