গুৱাহাটী, 2 এপ্ৰিল: ৰাজ্যসভা নিৰ্বাচনত শাসকীয় দল জয় হোৱাৰ ক্ষেত্ৰত এ আই ইউ ডিয়ে বি জে পিক সহায় কৰিছে । নিৰ্বাচনত এ আই ইউ ডি এফৰ পাঁচগৰাকী বিধায়কে কংগ্ৰেছৰ বিৰুদ্ধে ভোট দিছে । শনিবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই এই মন্তব্য কৰে (Debabrata Saikia comments on Rajya Sabha Election result)।
তেওঁ কয় যে কংগ্ৰেছৰ 27 গৰাকী বিধায়কৰ 25 গৰাকী বিধায়কে বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰাক ভোট দিছে । বাকী কংগ্ৰেছৰ বিধায়ক ছিদ্দিক আহমেদে ইচ্ছাকৃতভাৱে ভুলকৈ ভোট দি ভোটটো বাতিল কৰাইছে । ইপিনে বিধায়ক শশীকান্ত দাসে শাসকীয় দলৰ প্ৰাৰ্থীক Cross vote দিছে । ইয়াৰ বাবে দুয়োগৰাকী বিধায়কৰ বিৰুদ্ধে দলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে । তেওঁ কয় যে ৰিপুন বৰাক নিৰ্বাচনত এ আই ইউ ডি এফৰ পাঁচগৰাকী বিধায়কে ভোট দিয়া নাই সেয়া নিৰ্বাচনৰ ফলাফলত স্পষ্ট হৈছে ।