অসম

assam

By

Published : Oct 16, 2020, 8:42 PM IST

ETV Bharat / state

এইখন চৰকাৰে আৰম্ভ কৰিছে চাকৰিৰ ছিণ্ডিকেটঃ দেৱব্ৰত শইকীয়া

কেলেংকাৰীত জড়িত বহুতো দালাল অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও ইয়াৰ লগত নাম সাঙোৰ খোৱা বহুতো উচ্চ পৰ্যায়ৰ নেতা তথা দালালক একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে তদন্তৰ আওতালৈ অনা হোৱা নাই ।

debabrat saikiya reaction on SI scam
এইখন চৰকাৰে চাকৰিৰ ছিণ্ডিকেট আৰম্ভ কৰিছেঃ দেৱব্ৰত শইকীয়া

গুৱাহাটী, 16 অক্টোবৰঃ "ৰাইজৰ আগত ৰাজ্য চৰকাৰে চাকৰিৰ নামত আৰম্ভ কৰা বেহা মুকলিকৈ ফাদিল হৈ পৰিছে । যোৱা চাৰে চাৰিটা বছৰত বিভিন্ন চৰকাৰী বিভাগৰ নিযুক্তিত কেতবোৰ ব্যক্তিগত খণ্ডৰ সংস্থাক ঠিকা দি এক ৰমৰমীয়া চাকৰিৰ বেহা তথা ছিণ্ডিকেট অসম চৰকাৰৰ বহুতো নেতা, মন্ত্ৰীয়ে চলাই আছে ।" এই অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । বিৰোধী দলপতি গৰাকীয়ে আজি আৰু কয় "এই ছিণ্ডিকেটত এটা বিশেষ নীতি আদৰ্শক বিশ্বাস কৰিলে বা কেতবোৰ দালালক ধন দিলেই অসমত চৰকাৰী চাকৰি পাব পাৰি । ইয়াৰ জলন্ত আৰু শেহতীয়া উদাহৰণ ৰাইজে SI পৰীক্ষাৰ নিযুক্তিত হোৱা প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা তথা এই কেলেংকাৰীত নাম সাঙোৰ খোৱা বিজেপি দলৰ বহুতো নেতা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী আমোলা সকলৰ নামৰ পৰাই পাইছে । "

এইখন চৰকাৰে চাকৰিৰ ছিণ্ডিকেট আৰম্ভ কৰিছেঃ দেৱব্ৰত শইকীয়া

মুঠ ৫৯৭ টা পদৰ বাবে ৬৬,০০০ নিবনুৱাই আৱেদন কৰিছিল । এই কেলেংকাৰীত জড়িত বহুতো দালাল অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও ইয়াৰ লগত নাম সাঙোৰ খোৱা বহুতো উচ্চ পৰ্যায়ৰ নেতা তথা দালালক একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে তদন্তৰ আওতালৈ অনা হোৱা নাই । আজি কিছুদিন আগতে গ্ৰেপ্তাৰ কৰা সঞ্জীৱ নাথ নামৰ দালাল জনৰ ঘৰত আৰক্ষীয়ে অভিযান চলাওতে জলসিঞ্চন বিভাগৰ নিযুক্তি পৰীক্ষাৰ এডমিট কাৰ্ড পোৱা গৈছিল । আমি যদি ভালকৈ চাও এই কেলেংকাৰীটোৰ লগত অক্ষয় কমিউনিকেশ্বন, এমেনটেক আদি প্ৰতিষ্ঠানসমূহ জৰিত হৈ আছে । ক’লে বিৰোধী দলপতি গৰাকীয়ে ৷

লগতে পঢ়কঃঅৰুণোদয় আঁচনিৰ অনিয়মৰ তদন্ত বিচাৰি নলবাৰীত প্ৰতিবাদ

কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়াই লগতে ক’লে, এই প্ৰতিষ্ঠান সমূহৰ কেতবোৰ দালালে চাকৰিৰ নামত নিবনুৱা সকলৰ পৰা পইছা সংগ্ৰহ কৰিছিল আৰু আৰক্ষীয়ে বঙাইগাঁও, ধুবুৰীৰ পৰা ৫ কোটি টকা জব্দ কৰিবলৈ সক্ষম হ'ল । কিন্তু জেৰা কৰা ব্যক্তি সকলৰ পৰা এনেকুৱাকৈ আৰু কিমান ধন কাৰ কাৰ পৰা সংগ্ৰহ কৰা হৈছিল, সেয়া অসম আৰক্ষীয়ে ইচ্ছাকৃতভাৱে হওক বা অন্য কোনো কাৰণ বশত উলিয়াবলৈ সক্ষম হোৱা নাই । কিন্তু আমাৰ তথ্য অনুসৰি এক বুজন পৰিমাণৰ ধন আৰক্ষীয়ে জব্দ কৰিছে আৰু এই টকা কোনো ৰাজনৈতিক ছত্ৰছায়াত পোহৰলৈ অহা নাই । ঠিক তেনেকৈ জলসিঞ্চন বিভাগৰ ৩৯৭ টা Section Assistant পদৰ নিযুক্তিতো কেতবোৰ বিসংগতি, খেলিমেলি তথা কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে ।

কিয়নো যি নিযুক্তি তালিকা ৱেবছাইটত প্ৰকাশ কৰা হ'ল তাত বহুতো নীতি-নিয়ম উলংঘা কৰা হৈছে । ১৯৯৭ চনৰ জলসিঞ্চন বিভাগৰ নিযুক্তিৰ বাবে যি বিধি প্ৰস্তুত কৰা হৈছিল, সেই অনুসৰি এনেধৰণৰ নিযুক্তিৰ ক্ষেত্ৰত জিলা ভিত্তিক নিযুক্তি কমিটী গঠন কৰিহে নিযুক্তি প্ৰদান কৰিব লাগে । কিন্তু উত্থাপিত অভিযোগ অনুসৰি বহু জিলাত এনেধৰণৰ কমিটীৰ গঠনেই নহ'ল আৰু যি তালিকা ৱেবছাইটত প্ৰকাশ কৰিছিল, তাত কোনো বিভাগীয় উচ্চ পদস্থ চৰকাৰী বিষয়াৰ ছীল-মোহৰ নাছিল । তেনেক্ষেত্ৰত নিয়ম উলংঘা কৰি অসম চৰকাৰে কেনেকৈ নিযুক্তি প্ৰদান কৰিলে ? এয়া এক চৰম দুৰ্নীতি নহয় নে ??

তাৰ উপৰিও যি সংস্থাক এই পৰীক্ষাৰ ঠিকা দিয়া হৈছিল APTECH এটা ব্লেক লিষ্টেড্ কোম্পানী । সেয়েহে দালালৰ যোগেদি ধনৰ লেন-দেন কৰি অসমীয়া নিবনুৱাক প্ৰতাৰণা কৰি যি এক কেলেংকাৰী ৰাজ্য চৰকাৰে সংঘটিত কৰিলে, তাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি, স্বচ্ছ শাসন, দুৰ্নীতি মুক্ত চৰকাৰৰ দোহাই দি থকা মুখ্যমন্ত্ৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন কৰ্মৰত ন্যায়াধীশৰ তত্বাৱধানত তদন্ত কৰিবলৈ দাবী জনাইছোঁ।"

লগতে পঢ়কঃBTR চুক্তিৰ বিৰোধিতাৰে কোকৰাঝাৰত নতুন দল গঠন

ABOUT THE AUTHOR

...view details