অসম

assam

ETV Bharat / state

তৰুণ গগৈৰ স্বাস্থ্য আৰু বয়স সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীয়ে কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ দেৱব্ৰত শইকীয়াৰ - debabrat saikia

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য আৰু বয়স সন্দৰ্ভত শেহতীয়াকৈ মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই কৰা কেতবোৰ বিতৰ্কিত মন্তব্যৰ পাচত এইবাৰ মন্ত্ৰী ডঃ শৰ্মাক উভতি ধৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

দেৱব্ৰত শইকীয়া
দেৱব্ৰত শইকীয়া

By

Published : Aug 20, 2020, 2:03 PM IST

গুৱাহাটী, ২০ আগষ্ট: বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ডঃ হিমন্ত বিশ্ব শৰ্মা বিৰুদ্ধে উত্থাপন কৰিলে কেতবোৰ প্ৰশ্ন ৷ তেওঁ কয় যে "প্ৰণাম" আঁচনি বনোৱা তথা সততে ভাৰতীয় সভ্যতাৰ কথা কোৱা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে ৰাজহুৱাকৈ তেখেতৰ স্বাস্থ্যৰ সম্বন্ধে কৰা টুলুঙা মন্তব্যই, তেওঁৰ ভিতৰত লুকাই থকা কু-আচৰণ সকলোৰে আগত উদঙাই দিলে ৷ ইয়াৰোপৰি তেওঁ কয়, ৰাজহুৱাকৈ তেখেততকৈ বয়সস্থ তথা ৰাজ্যৰ ৰাজনীতিৰ জ্যেষ্ঠ নেতা তৰুণ গগৈক কৰা উপলুঙা তথা তেখেতৰ স্বাস্থ্যক লৈ কৰা ইতিকিং, এইবোৰে নেকি ভাৰতীয় সংস্কৃতি, ভাৰতীয় সভ্যতা ? তেওঁ নিজেই এগৰাকী জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভিন্ন বিভাগৰ মন্ত্ৰী হোৱা স্বত্বেও তেখেতে জ্যেষ্ঠ নাগৰিক এজনৰ প্ৰতি কৰা টুলুঙা মন্তব্যৰ জৰিয়তে আমাৰ ডেকাচামক কি বাৰ্তা প্ৰেৰণ কৰিলে ?

তৰুণ গগৈৰ স্বাস্থ্য আৰু বয়স সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীয়ে কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ দেৱব্ৰত শইকীয়াৰ

ইয়াৰোপৰি তেওঁ কয়, ৰাজ্যৰ প্ৰতিজন নাগৰিকে জানে, তৰুণ গগৈৰ বাবেই ৰাজনীতিত আজি তেওঁ নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে ৷ গগৈৰ আশীৰ্বাদতে প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাচত মন্ত্ৰিত্বও লাভ কৰিছিল তেওঁ ৷ তেনে ক্ষেত্ৰত তেওঁ গগৈক ১০০ বছৰ জীয়াই থকাৰহে আশা প্ৰকাশ কৰিব লাগিছিল ৷ যিজন মন্ত্ৰীয়ে বিধানসভাত চাকৰিয়াল ল'ৰা-ছোৱালীয়ে যদি নিজৰ মাক-দেউতাকক অৱজ্ঞা কৰে, তেন্তে তেওঁলোকক শাস্তি বিহিবলৈ "প্ৰণাম" আঁচনি আনিছিল, তেওঁৰ মুখত যদি তেওঁক আজিৰ এই স্থানলৈ অনা ব্যক্তি গৰাকীৰ স্বাস্থ্য তথা বয়সক লৈ উপলুঙা কৰে তেন্তে আনক কি আৰ্হি দেখুৱাব ? ৰাম-নাম গগৈয়ে লয় নে নলয় তেওঁ কেনেকৈ জানে ? সকলোৱে তেওঁৰ নিচিনা একমাত্ৰ প্ৰচাৰৰ বাবে "ৰাম-নাম" নলয় ৷ মোৰ বিশ্বাস "ৰাম-নাম" নোলোৱাকৈ কোনেও ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহে !

লগতে পঢ়ক:ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাবঃ পলাশবাৰীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন উপায়ুক্তৰ

ABOUT THE AUTHOR

...view details