অসম

assam

ETV Bharat / state

মণিপুৰৰ ৰাজনৈতিক অস্থিৰতা সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া - মণিপুৰৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতা অৱধাৰিত

এক ভিডিঅ' বাৰ্তাত শইকীয়াই কয় যে ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ একাংশ শীৰ্ষ নেতাই কংগ্ৰেছ আৰু আন কেতবোৰ দলৰ বিধায়কক কিনা-বেচা কৰি মণিপুৰত চৰকাৰ গঠন কৰিছিল ৷

Debabrat saikia's reaction about present political climax of manipur
মণিপুৰৰ ৰাজনৈতিক অস্থিৰতাৰ সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

By

Published : Jun 19, 2020, 10:39 AM IST

গুৱাহাটী, 19 জুন: "মণিপুৰৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতা অৱধাৰিত আছিল । কিয়নো বিজেপিয়ে মণিপুৰত চৰকাৰখন গঠন কৰাৰ উপায়টোৱেই আছিল নীতিবিৰুদ্ধ "- এই মন্তব্য অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ মণিপুৰৰ শেহতীয়া ৰাজনৈতিক পট পৰিৱৰ্তন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক ভিডিঅ' বাৰ্তাত শইকীয়াই কয় যে, ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ একাংশ শীৰ্ষ নেতাই কংগ্ৰেছ আৰু আন কেতবোৰ দলৰ বিধায়কক কিনা-বেচা কৰি মণিপুৰত চৰকাৰ গঠন কৰিছিল ৷

মণিপুৰৰ ৰাজনৈতিক অস্থিৰতাৰ সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

এতিয়া সেইসকল বিধায়কে বুজি পাইছে যে, বিজেপিৰ কথা আৰু কামৰ মাজত প্ৰাৰ্থক্য আছে । যাৰ বাবে তেওঁলোকে বিজেপিৰ সংগ এৰি এখন অ-বিজেপি চৰকাৰ গঠন কৰাৰ পোষকতা কৰিছে বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই ৷ লগতে বিজেপি ত্যাগ কৰা প্ৰতিজন বিধায়ককে অভিনন্দন জ্ঞাপন কৰে অসম বিধানসভাৰ বিৰোধী দলপতি গৰাকীয়ে ৷

লগতে পঢ়কঃ তিন মূৰ্তি চৌকৰ পৰা চীনা দূতাবাসলৈ চীন বিৰোধী প্ৰতিবাদ

ABOUT THE AUTHOR

...view details