গুৱাহাটী, ৩ জুন : নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্রস্তুত নকৰাকৈ ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ অধীনত "দীৰ্ঘম্যাদী ভিছা" (Long Term VISA) থকা বিদেশী সকলক সংস্থাপিত কৰাৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়ে জাৰি কৰা অধিসূচনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । বিৰোধী দলপতিগৰাকীয়ে কয় যে, "অসমত নিৰ্বাচনৰ আগমূহুৰ্তত ১৯ মাৰ্চ তাৰিখে কেন্দ্ৰীয় গৃহ বিভাগৰ পৰা নাগৰিকত্ব প্ৰদান কৰাৰ ওপৰত জাৰি কৰা এখন অধিসূচনাৰ উদ্ধৃতি দি অসম চৰকাৰে অসমৰ কেইবাখনো জিলাৰ আয়ুক্ত, উপায়ুক্ত তথা আৰক্ষী অধীক্ষক সকলক এখন নিৰ্দেশনা জাৰি কৰি পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা কেতবোৰ লোকক যিসকলৰ "দীৰ্ঘম্যাদী ভিছা" (Long Term VISA) আছে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছিল ।
যিহেতু ২০১৯ চনৰ ৩১ আগষ্টত অসমৰ ৰাইজে ১৯৭১ চনৰ আধাৰত বহু অপেক্ষাৰ অন্তত এনআৰচিখন পাইছিল আৰু তাত যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল, সেইসকলে বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে নিজৰ নিজৰ গোচৰ ৰুজু কৰি ওজৰ আপত্তি দৰ্শাবলৈ উচ্চতম ন্যায়ালয়ে সুযোগ দিছিল । তেনে ক্ষেত্ৰত ইয়াক অগ্ৰাহ্য কৰি আওপকীয়াকৈ নাগৰিকত্ব প্ৰদান কৰাৰ যি প্ৰয়াস চৰকাৰে কৰিছে সেয়া দুৰ্ভাগ্যজনক ।