অসম

assam

By

Published : Jun 20, 2020, 6:41 PM IST

ETV Bharat / state

ভাৰত-চীন সীমান্তৰ অস্থিৰ পৰিস্থিতি সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

ভাৰত-চীন সীমান্তৰ অস্থিৰ পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিৰোঘী দলপতি দেৱব্ৰত শইকীয়াই ৷ চাওক এই প্ৰতিবেদন...

debabrat saikia reaction about indo-china conflict
debabrat saikia reaction about indo-china conflict

গুৱাহাটী, 20 জুনঃচীনা সৈন্যই লাডাখৰ ভাৰত-চীন সীমান্তত কিছুদনৰ পৰা আগ্ৰাসন কৰি আছিল আৰু ২০ জনকৈ ভাৰতীয় সেনাত অতি নৃশংসভাৱে হত্যা কৰিলে ৷ লগতে ১০ জন সেনাক বন্দী কৰি লৈ গ'ল ৷ সেনাৰ মৃত্যুৰ খবৰ সংবাদ মাধ্যমযোগে প্ৰকাশ নোপোৱালৈকে ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে চীনা সৈন্যৰ ভাৰতৰ মাটিত আগ্ৰাসন কিম্বা দুয়ো দেশৰ সেনাৰ মাজত হোৱা হতাহতিৰ কথা জনোৱা নাছিল ৷ শনিবাৰে সংবাদ মাধ্যমৰ আগত এনেদৰে উল্লেখ কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ তেওঁ ইয়াৰ লগতে ভাৰত-চীন সীমান্তৰ শেহতীয়া ঘটনা সন্দৰ্ভত কেইবাটাও মন্তব্য প্ৰকাশ কৰি কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে সৰ্বদলীয় বৈঠকতো এই কথা অস্বীকাৰ কৰে ৷ কিন্তু একে সময়তে আমি আমাৰ ভূমি আমাৰ নিজৰ হাতলৈ আনিছো বুলিও কয় চীন চৰকাৰে ৷ ইতিমধ্যে বিভিন্ন স্বতন্ত্ৰ সংস্থাইও প্ৰকাশ কৰিছে যে, চীনা সৈন্যই ভাৰত-চীনৰ মাজত থকা এল এ চি অতিক্ৰম কৰি ভাৰতৰ মাটিত প্ৰৱেশ কৰিছে আৰু আমাৰ দেশৰ মাটিত নিজৰ অধিকাৰ সাব্যস্ত কৰিছে ৷ চৰকাৰে কিছু তথ্য বিৰোধী তথা সমগ্ৰ ভাৰতবাসীৰ পৰা লুকাই ৰাখিছে যেন অনুভৱ হৈছে বুলিও সন্দেহ প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

ভাৰত-চীন সীমান্তৰ অস্থিৰ পৰিস্থিতি সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

প্ৰায় ২০১৭ চনৰ পৰাই কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত চীনা সৈন্যই ভাৰতৰ ভূমিত বহু বছৰৰ পৰাই আগ্ৰাসন চলাই আহিছে ৷ এই কথা বিজেপি দলৰ অৰুণাচলৰ সাংসদ 'তাপিৰ গাও' ডাঙৰীয়াই স্বীকাৰ কৰিছে বুলি মন্তব্য কৰে বিৰোধী দলপতি গৰাকীয়ে ৷ ইয়াৰ পূৰ্বে ডোকলামত চীনা আৰু আমাৰ দেশৰ সৈন্যৰ মাজত সীমান্তত তহল দিয়া সন্দৰ্ভত টনা-আজোৰা হৈছিল । এই কথাও প্ৰথমে ভাৰত চৰকাৰে অস্বীকাৰ কৰিছিল কিন্তু পিচত যেতিয়া প্ৰতিৰক্ষা মন্ত্ৰী নিজেই সেই স্থানত উপস্থিত হ'বলগীয়া হ'ল, তেতিয়া আনুষ্ঠানিকভাৱে এই কথা সকলোৰে পোহৰত আহে ৷ ইয়াৰোপৰি তেওঁ কয়, বিজেপি দলৰ শাসন কেন্দ্ৰত যোৱা ৬ বছৰ ধৰি আছে আৰু তাৰ পিচতো চীনৰ ভাৰতীয় ভূমিত আগ্ৰাসন চলি থকাটোৱে চৰকাৰৰ কূটনৈতিক, বৈদেশিক, অৰ্থনৈতিক তথা ৰাজনৈতিক দিশৰ অসফলতাক প্ৰতিপন্ন কৰিছে যেন তেওঁৰ অনুভৱ হয় ৷ লগতে তেওঁ কয় ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত আমি সকলোৱে চৰকাৰৰ লগত আছো ৷ ৰাজনীতিৰ উৰ্ধত থাকি চৰকাৰৰ প্ৰতিটো সিদ্ধান্তত আমাৰ সহাৰি আছে ৷ যিকোনো মূল্যত আমি আমাৰ দেশৰ সীমান্ত সুৰক্ষিত কৰি ৰাখিবই লাগিব ৷ ইয়াত কাৰো দ্বিমত থাকিব নোৱাৰে ৷ চীনা সীমান্তত প্ৰাণ আহুতি দিয়া বীৰ জোৱান সকলৰ তেজৰ মূল্য আমি অথলে যাব দিব নোৱাৰো আৰু তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ল'বলগীয়া যিকোনো পদক্ষেপত আমাৰ সহাৰি আছে আৰু চৰকাৰে আগলৈ এনে কাণ্ড সংঘটিত নহ'বলৈ সমগ্ৰ জনসাধাৰণক আস্বস্ত কৰক বুলি শেষত দেৱব্ৰত শইকীয়াই চৰকাৰক অনুৰোধ জনায় ৷

লগতে পঢ়কঃচীন-ভাৰতৰ সংঘাতঃ ব্ৰিগেডিয়াৰ ৰঞ্জিৎ বৰঠাকুৰৰে ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details