গুৱাহাটী, ২৪ মাৰ্চ:কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Rahul Gandhi case update) ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrat Saikia on Rahul Gandhi)। এই কাৰ্যক বিজেপি দলৰ চক্ৰান্ত আৰু অভিসন্ধি আখ্যা দিছে বিৰোধী দলপতিগৰাকীয়ে(Opposition leader slams BJP)।
তেওঁ কয় যে, ২০১৯ চনৰ এটা গোচৰৰ ভিত্তিত বৃহস্পতিবাৰে চূৰাটৰ এখন আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে (Modi surname case)। আনহাতে আদালতে ৰায়টোৰ বিৰুদ্ধে আবেদন কৰাৰ বাবে ৩০ দিনৰ সময় দিছিল। কিন্তু ৰায়টো দিয়াৰ এদিন পিচতে ততাতৈয়াকৈ আজি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হয় । ৰাহুল গান্ধীক সদনত বাধা দিয়াৰ বাবে এই ষড়যন্ত্র কৰা হৈছে (Rahul Gandhi convict of criminal defamation case)৷ আজিৰ দিনটোক গণতন্ত্ৰৰ বাবে এটা দুখৰ দিন ৷
তেওঁ লগতে কয় যে আদালতৰ ৰায়টোৰ বিৰুদ্ধে আবেদন কৰা হ'ব (Leaders reaction on Rahul Gandhi)। ২০১৯ চনত ৰাহুল গান্ধীয়ে দিয়া সেই বক্তব্যৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে দেশৰ সম্পদ লুণ্ঠনকাৰী ললিত মোডী, নীৰৱ মোডী আদিৰ উপাধিলৈ সত্য কথা কোৱাৰ বাবে আন এজন মোডীয়ে নিজে গাত পাতি গোচৰ তৰিছিল।