অসম

assam

By

Published : Sep 15, 2021, 6:13 PM IST

ETV Bharat / state

দলং নোহোৱালৈকে মাজুলীবাসীক বিনামূলীয়া ফেৰী সেৱা দিয়ক চৰকাৰে : দেৱব্ৰত শইকীয়া

মাজুলী আৰু যোৰহাটৰ মাজত দলং নিৰ্মাণক লৈ ৰাজ্য চৰকাৰক সমালোচনা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । দলঙৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত মাজুলীবাসীক বিনামূলীয়া ফেৰী সেৱা আগবঢ়াবলৈ চৰকাৰক দাবী জনালে কংগ্ৰেছ নেতাগৰাকীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিন একৈশ দিনীয়াকৈ পালন কৰাক লৈ শাসকীয় দলক সমালোচনা কৰে দেৱব্ৰত শইকীয়াই ।

Debabrat Saikia pressmeet
মাজুলীবাসীক বিনামূলীয়া ফেৰী সেৱা আগবঢ়াবলৈ চৰকাৰক দাবী দেবব্ৰত শইকীয়াৰ

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ: মাজুলী আৰু যোৰহাটৰ মাজত যেতিয়ালৈকে দলং এখন নিৰ্মাণ হৈ নুঠে তেতিয়ালৈকে মাজুলীবাসী ৰাইজৰ বাবে চৰকাৰে বিনামূলীয়া ফেৰী সেৱাৰ ব্যৱস্থা কৰক । এই দাবী অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । বুধবাৰে অসম বিধানসভাৰ সভাক্ষত এখন সংবাদমেলত অংশ লৈ বিৰোধী দলপতিগৰাকীয়ে কয় যে, দলং নোহোৱাটো মাজুলীবাসীৰ ভুল নহয় । চৰকাৰেহে দলং নিৰ্মাণ কৰিব পৰা নাই ।

মাজুলীবাসীক বিনামূলীয়া ফেৰী সেৱা আগবঢ়াবলৈ চৰকাৰক দাবী দেবব্ৰত শইকীয়াৰ

গতিকে দায়িত্ব চৰকাৰে লওক । সংবাদমেলত বিৰোধী দলপতিগৰাকীয়ে আন কেইবাটাও বিষয় আলোকপাত কৰি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৰে সকলো কাম অকলে কৰি "কৃতিত্ব" অৰ্জন কৰাৰ মানসিকতা মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই ত্যাগ কৰক । বাবে বিগত এশ দিনত তেওঁৰ মন্ত্ৰীসভাৰ অন্যান্য মন্ত্ৰীসকলে কি কাম কৰিলে তাৰো খতিয়ান দিয়ক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ইপিনে, ৰাজ্যিক বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন একৈশ দিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা কাৰ্যৰো তীব্ৰ সমালোচনা কৰে বিৰোধী দলপতিগৰাকীয়ে ।

তেওঁ কয় যে, প্ৰধানমন্ত্ৰীৰ জন্মদিন ইমান দীঘলকৈ পাতিব লাগে নে নাই সেয়া অসমৰ ৰাইজে বিচাৰ কৰক । দেৱব্ৰত শইকীয়াই লগতে কয় যে, বিগত সময়ত বিশ্ববেংকৰ পৰা পোৱা এহেজাৰ কোটি টকা অসমৰ জলপথ আৰু পাৰঘাটসমূহৰ উন্নয়নৰ কামত কেনেকৈ ব্যয় কৰা হ'ল তাৰো হিচাপ দিয়ক চৰকাৰে ।

আনহাতে, আদানী আৰু বাবা ৰামদেৱৰ ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধি কৰিবলৈ অসমত "পাম অইল"ৰ খেতি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিবলৈ ওলাইছে বুলি তেওঁ মন্তব্য কৰে । ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সন্দৰ্ভতো কেন্দ্ৰীয় চৰকাৰে দেখুওৱা অনিহাৰ তীব্ৰ সমালোচনা কৰে বিৰোধী দলপতিগৰাকীয়ে । লগতে তেওঁ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত চৰকাৰক গুৰুত্ব আৰোপ কৰিবলৈও আহ্বান জনায় ।

লগতে পঢ়ক:মৰণত শৰণ দি মাৰ নাৱেৰে যাতায়াত ৰূপহীমুখবাসীৰ

ABOUT THE AUTHOR

...view details