গুৱাহাটী,9 মাৰ্চঃযোৱা শনিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ আৰু তেখেতৰ সতীৰ্থ সকলক 'নিয়া' আদালতত দাগী অপৰাধীৰ দৰে হেণ্ডকাফ লগাই হাজিৰ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ৷ অসম আৰক্ষীয়ে চৰকাৰৰ নিৰ্দেশত অখিল গগৈক অসুস্থ অৱস্থাতো এনেদৰে হেণ্ডকাফ লগাই নিয়া কাৰ্যৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে বিৰোধী দলৰ দলপতিগৰাকীয়ে ৷ এনে কাৰ্যই উচ্চতম ন্যায়ালয়ৰ ৰায়দানক অৱমাননা কৰিছে বুলি এক প্ৰেছ বিবৃত্তি উল্লেখ কৰিছে শইকীয়াই ৷ লগতে অসম চৰকাৰ তথা অসম আৰক্ষীৰ সঞ্চালকক প্ৰধানক ভৱিষ্যতে এনে মানৱ অধিকাৰ বিৰোধী কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে কংগ্ৰেছ নেতাগৰাকীয়ে ৷
অখিল গগৈক হেণ্ডকাফ লগোৱা কাৰ্যৰ ঘোৰ বিৰোধিতা দেৱব্ৰত শইকীয়াৰ - অসম আৰক্ষীৰ নিৰ্দেশ
অসম আৰক্ষীয়ে চৰকাৰৰ নিৰ্দেশত অখিল গগৈক অসুস্থ অৱস্থাতো হেণ্ডকাফ লগাই নিয়া কাৰ্যৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ৷ এনে কাৰ্যই উচ্চতম ন্যায়ালয়ৰ ৰায়দানক অৱমাননা কৰিছে বুলি প্ৰেছ বিবৃত্তি যোগে উল্লেখ কৰিছে দেৱব্ৰত শইকীয়াই ৷
![অখিল গগৈক হেণ্ডকাফ লগোৱা কাৰ্যৰ ঘোৰ বিৰোধিতা দেৱব্ৰত শইকীয়াৰ DEBABRAT SAIKIA PRESS RELEASE ON AKHIL GOGOI](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6347758-thumbnail-3x2-a.jpg)
অখিল গগৈ আৰু সতীৰ্থসকলক হেণ্ডকাফ লগোৱা কাৰ্যৰ ঘোৰ বিৰোধিতা দেৱব্ৰত শইকীয়াৰ
লগতে পঢ়কঃদুৰ্নীতি নিৰ্মূলৰ বাবে দীঘলীয়া পথ