গুৱাহাটী,7 ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে যিসকল লোকক নাগৰিকত্ব প্ৰদানৰ চেষ্টা কৰিছে তাক লৈ ৰাজ্যজুৰি চলিছে প্ৰতিবাদ ৷ কেন্দ্ৰীয় চৰকাৰে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত নিৰ্যাতিত হিন্দু লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ চেষ্টা কৰিছে ৷ সেই সন্দৰ্ভত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত আছে প্ৰতিবাদ ৷ বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বৰ্তমান ৰাজপথত দেখা গৈছে ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ ছাত্ৰ সমাজকে ধৰি সকলো শ্ৰেণীৰ নাগৰিকক ।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছ দলে নিজৰ স্থিতি প্ৰকাশ কৰে ৷ বিৰোধী দলটোৰ দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতা দেৱব্ৰত শইকীয়াই এক সংবাদমেল যোগে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিক তীব্ৰ আক্ৰমণ কৰে । শইকীয়াই সংবাদমেলখনৰ জৰিয়তে বিজেপিক প্ৰশ্ন কৰি থকাসৰকা কৰে ৷ সংবাদমেলখনত তিনিখন দেশৰ হিন্দুৰ কথা চিন্তা কৰা বিজেপিয়ে শ্ৰীলংকাত নিৰ্যাতিত হোৱা তামিল হিন্দুসকলক কিয় পাহৰিলে বুলি শইকীয়াই প্ৰশ্ন কৰে ৷ অকল শ্ৰীলংকা নহয় ম্যানমাৰতো হিন্দু নাগৰিক নিৰ্যাতিত হৈছে ৷ কিন্তু বিধেয়কখনত সেই সকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ কোনো উল্লেখ নাই ।