গুৱাহাটী, ১৭ জুলাইঃ কৰ’ণাক লৈ এইবাৰ মুখযুদ্ধ আৰম্ভ হৈছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মাজত ৷ বৃহস্পতিবাৰে এখন সংবাদমেলত ডঃ শৰ্মাই মন্তব্য কৰিছিল যে অসম চৰকাৰে সম্পূৰ্ণ নিজা পুঁজিৰে ক'ৰনাৰ বিৰুদ্ধে এই যুঁজ চলাই আহিছে ৷ কেন্দ্ৰৰ পৰা কৰ’ণাৰে মোকাবিলা কৰিবলৈ কোনো ধন লাভ কৰা নাই ৷ তদুপৰি অসমত স্বাৱ পৰীক্ষা কৰাৰে পৰা আৰম্ভ কৰি চিকিৎসা সেৱা লাভ কৰা, ঔষধ যোগান ধৰা, ক'ভিড কেয়াৰ চেন্টাৰত চিকিৎসা লোৱা, খোৱালোৱা যোগান ধৰা ইত্যাদি অসম চৰকাৰে বিনামূলীয়াকৈ ব্যৱস্থা কৰিছে ৷ ভাৰতৰ কোনো ৰাজ্যতে এই ব্যৱস্থা নাই ৷ সকলো ৰাজ্যতে ৰোগীয়ে নিজে ব্যয় কৰিহে চিকিৎসা কৰাব লাগে ৷
শুকুৰবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তথ্যসহ উভতি ধৰিছে স্বাস্থ্য মন্ত্ৰীগৰাকীক ৷ শইকীয়াই কয় - কৰ’ণাই ভাৰতত ভয়ংকৰ ৰূপ লোৱাৰ ঠিক আগে আগে কেন্দ্ৰীয় চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় দূৰ্যোগ বুলি ঘোষণা কৰিছিল আৰু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ ১৫ হাজাৰ কোটি টকাৰ এক পুঁজি ঘোষণা কৰিছিল ৷ তেন্তে সেয়া কি আছিল বুলি দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন ৷ আনহাতে ভাৰতৰ ক’তোৱেই কোনো চৰকাৰে বিনামূলীয়াকৈ কৰ’ণাৰ চিকিৎসাৰ ব্যৱস্থা কৰা নাই বুলি স্বাস্থ্য মন্ত্ৰীয়ে কালি কৰা মন্তব্যও শুদ্ধ নহয় বুলি কয় বিৰোধী দলপতিগৰাকীয়ে ৷