গুৱাহাটী, 4 এপ্ৰিলঃ কংগ্ৰেছ নেতা তথা ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই শনিবাৰে ৰাইজক আহ্বান জনায় যে, এই সংকটৰ সময়ত সকলোৱে চৰকাৰ সহযোগ কৰি চৰকাৰৰ নীতি-নিৰ্দেশনা মানি চলি ঘৰৰ ভিতৰত থাকিব লাগে। বিৰোধী দলপতি গৰাকীয়ে লগতে কয় যে সাধাৰণতে দেশমাতৃক ৰক্ষা কৰিবলৈ যুদ্ধক্ষেত্ৰলৈ ওলাই যোৱা সকলক বীৰ বুলি অভিহিত কৰা হয় যদিও এতিয়া সংকটৰ এই সময়ত আমি ঘৰৰ পৰা ওলাই নগ'লে ভৱিষ্যতৰ প্ৰজন্মই আমাক বীৰ বুলি স্বীকৃতি দিব। লগতে তেওঁ কয় যে, কৰ'ণা ভাইৰাছৰ বাবে যি সকল ব্যক্তি বৰ্তমান সমাজৰ পৰা আছুতীয়াকৈ আছে তেওঁলোকৰ মনোবল বৃদ্ধি কৰাটো আমাৰ অন্যতম কৰ্তব্য।
ঘৰৰ পৰা ওলাই নগ'লে ভৱিষ্যতৰ প্ৰজন্মই আমাক বীৰ বুলি স্বীকৃতি দিব : দেৱব্ৰত শইকীয়া - অসমত কৰ'ণা ভাইৰাছ
"সাধাৰণতে দেশমাতৃক ৰক্ষা কৰিবলৈ যুদ্ধক্ষেত্ৰলৈ ওলাই যোৱা সকলক বীৰ বুলি অভিহিত কৰা হয় যদিও এতিয়া আমি ঘৰৰ পৰা ওলাই নগ'লে ভৱিষ্যতৰ প্ৰজন্মই আমাক বীৰ বুলি স্বীকৃতি দিব।" অসমবাসীক ঘৰৰ পৰা ওলাই নাযাবলৈ আহ্বান জনাই এইদৰে কয় বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই ।
সংকটৰ এই সময়ত আমি সকলোৱে একলগ হৈ ইয়াৰ মোকাবিলা কৰিব লাগিব বুলিও মন্তব্য কৰে শইকীয়াই। নিজৰ প্ৰণকো তুচ্ছ বুলি জ্ঞান কৰি যি সকল চিকিৎসা কৰ্মী চিকিৎসা কৰ্মত নিয়োজিত হৈ আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে কংগ্ৰেছৰ নেতা জনে ।
ভাৰতত এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড-১৯ত সংক্ৰমিত লোকৰ সংখ্যা । অসমতো প্ৰতিদিনে সংক্ৰমিত লোকৰ সংখ্যা উৰ্ধগামী হৈছে । চিকিৎসা বিজ্ঞানৰ হাতত এই মাৰাত্মক কৰ'ণা ভাইৰাছৰ কোনোধৰণৰ প্ৰতিশেধষ নথকাৰ বাবে মৃত্যুৰ মুখত পৰিছে বহু লোক। এনে ক্ষেত্ৰত এই মাৰাত্মক ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ পথ হৈছে সামাজিক দূৰত্ব । কেন্দ্ৰ চৰকাৰে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ সমগ্ৰ দেশতে তলাবন্ধৰ নিচিনা কঠোৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । দেশত জাতি-ধৰ্ম, বৰ্ণৰ উৰ্ধলৈ গৈ সকলো লোকে চৰকাৰৰ এই নিৰ্দেশ পালন কৰিছে। বিৰোধী ৰাজনৈতিক দল সমূহেও ৰাজনীতিৰ উৰ্ধত গৈ চৰকাৰক সম্পূৰ্ণ সহযোগ প্ৰদান কৰা পৰিলক্ষিত হৈছে ।