অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটাৰ কয়লা ছিণ্ডিকেটঃ বিজেপি বিধায়কক ধন্যবাদ দেৱব্ৰত শইকীয়াৰ

"ৰাজনৈতিক মেৰপেচত বন্দী প্ৰশাসন আৰু আৰক্ষী । উজনিৰ লগতে বৰাক ব্ৰহ্মপুত্ৰ সকলোতে চলি আছে ছিণ্ডিকেট ।"

debabrat saikia on coal syndicate
কয়লা ছিণ্ডিকেট সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

By

Published : Nov 27, 2019, 2:07 PM IST

গুৱাহাটী, ২৭ নৱেম্বৰঃ "মাৰ্ঘেৰিটাত যে কয়লা ছিণ্ডিকেট ৰমৰমীয়াকৈ চলি আছে সেই কথা আমি বাৰম্বাৰ কৈ থকা স্বত্বেও ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া নাছিল । কিন্তু এতিয়া স্বয়ং শাসক দলৰেই এগৰাকী বিধায়কে ভিডিঅ' সহ সেই কথা উদঙাই দিয়াত আমাৰ অভিযোগ যে সত্য আছিল সেয়া প্ৰমাণিত হ'ল ।" -এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । এই সমস্ত কথা উদঙাই দিয়াৰ বাবে ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনক ধন্যবাদো জনাই বিৰোধী দলপতি গৰাকীয়ে । তেওঁ আৰু কয় যে, কয়লা চিণ্ডিকেট চলি থকা কথা প্ৰমাণ কৰি দিলে বিজেপি বিধায়ক গৰাকীয়ে ।

কয়লা ছিণ্ডিকেট সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া
শইকীয়াই কয় - "ৰাজনৈতিক মেৰপেচত বন্দী প্ৰশাসন আৰু আৰক্ষী । উজনিৰ লগতে বৰাক ব্ৰহ্মপুত্ৰ সকলোতে চলি আছে ছিণ্ডিকেট । আমি ছিণ্ডিকেটৰ CBI তদন্ত দাবী কৰিছো । চৰকাৰে ঘোষণা কৰা CID তদন্তৰ অগ্ৰগতি সম্পৰ্কেও জনা নাযায় । প্ৰতিশ্ৰুতি দিয়া দুৰ্নীতি মুক্ত অসমৰ বাবে CBI তদন্ত কৰক চৰকাৰে । "

ABOUT THE AUTHOR

...view details