গুৱাহাটী, 1 জুনঃ কৃষক নেতা অখিল গগৈক ৰাজনৈতিক অভিসন্ধিৰে বিভিন্ন গোচৰত অভিযুক্ত কৰি ষড়যন্ত্ৰ মূলক ভাৱে চৰকাৰে কাৰাবন্দী কৰি ৰাখিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শইকীয়া অখিল গগৈ সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কয় যদিও অখিল গগৈৰ সৰহ সংখ্যক কামৰেই আমি সমৰ্থন নকৰো কিন্তু চৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰৰে অখিলক হাৰাশাস্তি কৰি আছে আৰু সেইবাবে মই আমাৰ দলীয় হাইকামাণ্ডক অখিলক আইনী সহায় আগবঢ়াবলৈ অনুৰোধ কৰিম। ৬ মাহতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে আজিও এই প্ৰক্ৰিয়া সম্পন্ন কৰিব নোৱাৰিলে। PMKSNY আঁচনিত সমগ্ৰ ৰাজ্যতে হৈছে দুৰ্নীতি। অসমৰ সকলো কৃষকে PMFBY আঁচনিৰ অধিনত পোৱা নাই তেওঁলোকৰ শস্যৰ বীমা। ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ দেৱব্ৰত শইকীয়াৰ।
অখিল গগৈক ৰাজনৈতিক অভিসন্ধিৰে কাৰাবন্দী কৰি ৰাখিছে : দেৱব্ৰত শইকীয়া - DEBABRAT SAIKIA ON AKHIL GOGOI AND VARIOUS ISSUES LOCK DOWN JON DHAN YOJONA SOCIAL DISTANCING
শাসকীয় দলৰ নেতা কৰ্মীয়ে লক ডাউনৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ উপৰিও সামাজিক ব্যৱধান অমান্য কৰাৰ অভিযোগ উত্থাপন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷
![অখিল গগৈক ৰাজনৈতিক অভিসন্ধিৰে কাৰাবন্দী কৰি ৰাখিছে : দেৱব্ৰত শইকীয়া অখিল গগৈক ৰাজনৈতিক অভিসন্ধিৰে কাৰাবন্দী কৰি ৰাখিছে : দেৱব্ৰত শইকীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7435063-thumbnail-3x2-debbrat-saikia.jpg)
অখিল গগৈক ৰাজনৈতিক অভিসন্ধিৰে কাৰাবন্দী কৰি ৰাখিছে : দেৱব্ৰত শইকীয়া
অখিল গগৈক ৰাজনৈতিক অভিসন্ধিৰে কাৰাবন্দী কৰি ৰাখিছে