অসম

assam

By

Published : Sep 19, 2020, 5:01 AM IST

ETV Bharat / state

কাগজ কল পুনৰ মুকলিৰ ঘোষণাক ফুটুকাৰ ফেন আখ্যা দেৱব্ৰত শইকীয়াৰ

২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিভিন্ন সভা সমিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপি দলৰ নেতা সকলে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে চৰকাৰ গঠন হোৱাৰ পিচতে বন্ধ হৈ থকা কাগজ কল দুটা কাৰ্যক্ষম কৰি তোলা হ'ব । কিন্তু চৰকাৰ গঠন হোৱাৰ পিচত কেন্দ্ৰ চৰকাৰেতো হাত এৰিলেই, লগতে যোৱা চাৰে চাৰি বছৰ ধৰি ৰাজ্য চৰকাৰেও আমাক বিধানসভাত বিভিন্ন আভুৱা ভাৰি আহিছে । - দেৱব্ৰত শইকীয়া

paper mill
কাগজ কল পুনৰ মুকলি

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ : ২০১৫ চনৰ পৰা বন্ধ হৈ থকা জাগীৰোড কাগজ কল আৰু কাছাৰৰ পাঁচগ্ৰাম কাগজ কল দুটা বিজেপিয়ে চৰকাৰ গঠন কৰিলেই কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি এতিয়া ফুটুকাৰ ফেনলৈ পৰিণত হ'ল । এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । বিৰোধী দলপতি গৰাকীয়ে শুকুৰবাৰে কয় যে, "২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিভিন্ন সভা সমিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপি দলৰ নেতা সকলে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে চৰকাৰ গঠন হোৱাৰ পিচতে বন্ধ হৈ থকা কাগজ কল দুটা কাৰ্যক্ষম কৰি তোলা হ'ব । কিন্তু চৰকাৰ গঠন হোৱাৰ পিচত কেন্দ্ৰ চৰকাৰেতো হাত এৰিলেই, লগতে যোৱা চাৰে চাৰি বছৰ ধৰি ৰাজ্য চৰকাৰেও আমাক বিধানসভাত বিভিন্ন আভুৱা ভাৰি আহিছে । ৰাজ্য চৰকাৰে এবাৰ আমাক কৈছিল যে, কেন্দ্ৰই ১৯,০০০ কোটি টকা মোকলাই দিব আৰু এবাৰ ক'লে ৪,১৪১ কোটি টকা এই কল দুটাৰ নামত দিব । এইবোৰ মাত্ৰ ভাষণ, প্ৰতিশ্ৰুতি আৰু জুমলাৰ মাজতে আৱদ্ধ হৈ থাকিল আৰু এই কল দুটা পুনৰুজ্জীৱিত কৰি তুলিব নোৱাৰিলে’’ ।

কাগজ কল পুনৰ মুকলিৰ ঘোষণাক ফুটুকাৰ ফেন আখ্যা দেৱব্ৰত শইকীয়াৰ

তেওঁ আৰু কয় যে, ‘‘আমাৰ সকলোৰে ভালকৈ মনত আছে, যোৱা দুবছৰ আগত সন্দিকৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে বিধানসভাৰ কাৰ্য বিৱবৰণী চাবলৈ আহি মুখ্যমন্ত্ৰীৰ আগত কান্দি কান্দি কাগজ কলত কৰ্মৰত তেওঁৰ দেউতাকে দৰমহা অবিহনে কি পৰিস্থিতিত পৰিয়াল চলাব লগীয়া হৈছে সেই কথা ব্যক্ত কৰিছিল আৰু উদ্যোগ মন্ত্ৰীয়ে আশ্বাস দিছিল যে চৰকাৰে শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব । তাৰ উপৰিও সদ্যসমাপ্ত বিধানসভাৰ অধিবেশনত আকৌ আমাক আশ্বাস দিছিল যে, চৰকাৰে এই কল দুটা কাৰ্যক্ষম কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছে । কিন্তু এই সকলোবোৰ আজি ফুটুকাৰ ফেনলৈ পৰিণত হৈছে । যোৱা ১৪ ছেপ্টেম্বৰত NCLT ক অসম চৰকাৰে এখন পত্ৰ প্ৰেৰণ কৰি পুনৰ উল্লেখ কৰিছে যে, চৰকাৰক আকৌ কিছু সময় লাগে কাৰ্যক্ষম কৰাৰ বাবে’’ ।

বিজেপি দলে যি আত্মনিৰ্ভৰশীল ভাৰত বা আত্মনিৰ্ভৰশীল অসমৰ কথা কৈ আছে তাৰেই এক উত্তম নিদৰ্শন হিচাপে এই কাগজ কল দুটাক কাৰ্যক্ষম কৰি তোলক বুলি দাবী জনায় দেৱব্ৰত শইকীয়াই । চৰকাৰ দুখনে আত্মনিৰ্ভৰশীল ভাৰতক মাত্ৰ এক জুমলা নবনাই ইয়াৰ নামত কিছু পুঁজিৰ ব্যৱস্থা কৰি তথা অসমৰ কোনো উদ্যোগীয়ে যদি এই কল দুটা চলাবলৈ আগ্ৰহী তেওঁলোকক সহায় কৰি তাৎক্ষণিকভাৱে কল দুটা চলোৱাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক বুলি কয় বিৰোধী দলপতিজনে । যিহেতু NCLT লৈ তেওঁলোকে কিছু সময় দিবলৈ প্ৰস্তাৱ জনাইছে, গতিকে এই সময়খিনিত এক প্ৰস্তাৱ কেন্দ্ৰ চৰকাৰলৈ পঠিয়াই দি এই বিষয়টো নিষ্পত্তি কৰিব লাগে বুলি চৰকাৰলৈ অনুৰোধ জনায় দেৱব্ৰত শইকীয়াই ৷

লগতে পঢ়ক :ছয়গাঁৱত ভয়ংকৰ ৰূপ ধাৰণ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ

ABOUT THE AUTHOR

...view details