অসম

assam

ETV Bharat / state

বিটিআৰ নিৰ্বাচন পিছুৱাবলৈ মুখ্যমন্ত্ৰী-নিৰ্বাচনী বিষয়ালৈ দেৱব্ৰত শইকীয়াৰ পত্ৰ

কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিটিআৰ নিৰ্বাচন পিছুৱাবলৈ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

দেৱব্ৰত শইকীয়াৰ পত্ৰ
দেৱব্ৰত শইকীয়াৰ পত্ৰ

By

Published : Mar 19, 2020, 11:01 PM IST

গুৱাহাটী, ১৯ মাৰ্চঃবিটিআৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠাৰ সময়তে কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন পিছুৱাবলৈ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু মুখ্যমন্ত্ৰীলৈ আজি বিয়লি পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । যি সময়ত দেশজুৰি জনসমাগম বন্ধ কৰা হৈছে সেই সময়তে বিটিআৰৰ নিৰ্বাচনে নতুন বিপদ মাতি আনিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে বিৰোধী দলপতি গৰাকীয়ে । উল্লেখ্য যে, ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন বাতিল কৰিছে যদিও অসমত এই পৰ্যন্ত তেনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । আনকি আজি পুৱাৰ ভাগত ই টিভি ভাৰতৰ তৰফৰ পৰা এই বিষয়ে জানিবলৈ ৰাজ্যিক নিৰ্বাচন বিষয়া আলোক কুমাৰক যোগাযোগ কৰা হৈছিল যদিও তেওঁ কোনোধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে ।

বিটিআৰ নিৰ্বাচন পিছুৱাবলৈ মুখ্যমন্ত্ৰী-নিৰ্বাচনী বিষয়ালৈ দেৱব্ৰত শইকীয়াৰ পত্ৰ

ABOUT THE AUTHOR

...view details