গুৱাহাটী, 29 জুলাই :মিজোৰামৰ(mizoram) এগৰাকী সাংসদে লাইলাপুলৰ ঘটনাৰ পাচত আগবঢ়োৱা অসম বিৰোধী মন্তব্যই সমগ্ৰ অসমজুৰি একপ্ৰকাৰ জ্বলা জুইত ঘিউ ঢালিছে । ৰাজ্যসভাৰ এইগৰাকী সাংসদৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrata Saikia)। বিৰোধী দলপতিগৰাকীয়ে আজি কয়, "লাইলাপুৰৰ ঘটনা সন্দৰ্ভত মিজোৰামৰ সাংসদ(MP) ভানলালভেনাই অসম আৰক্ষীক (assam police) জগৰীয়া কৰি যি কটু মন্তব্য আগবঢ়াইছে তাক মই কঠোৰ ভাষাৰে গৰিহণা দিছো আৰু তেখেতৰ ওপৰত দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিবলৈ চৰকাৰৰ ওচৰত মই দাবী উত্থাপন কৰিছো ।
মিজোৰামৰ সাংসদজনৰ ওপৰত কোনো পদক্ষেপ নোলোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে, বিজেপিক(BJP) তীব্ৰ সমালোচনা কৰা ব্যক্তিসকলৰ প্ৰতি চৰকাৰে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰে, কিন্তু দেশৰ সংবিধানক অমান্য কৰি অসাংবিধানিক মন্তব্য আগবঢ়োৱা মিজোৰামৰ সাংসদজনৰ ওপৰত এতিয়াও চৰকাৰে গোচৰ ৰুজু নকৰাটো দুৰ্ভাগ্যজনক । মই তেখেতৰ ওপৰত দেশদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ উপৰিও তেখেতৰ সাংসদ পদ খাৰিজ কৰিবলৈ চৰকাৰক আহ্বান জনাইছো । উল্লেখযোগ্য যে, মিজোৰামৰ এইগৰাকী বিতৰ্কিত সাংসদে অসম আৰক্ষীৰ ওপৰত আৰু গুলী চলোৱা হ’ব বুলিও মন্তব্য কৰিছিল ।