অসম

assam

কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা যুৱকৰ মৃত্যু

By

Published : Jun 15, 2022, 4:09 PM IST

Updated : Jun 15, 2022, 4:30 PM IST

কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গমন কৰা এজন যুৱকৰ মৃত্যু ৷ ৰে'লৰ পৰা পৰি কৰুণ মৃত্যুক আঁকোৱালি ল'লে ডিব্ৰুগড়ৰ যুৱকে(Youth dies after falling off running train) ৷

Death of youth going to outstate seeking employment
কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা যুৱকৰ মৃত্যু

মৰাণ, 15 জুন : ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত জামিৰা চাহ বাগিচাৰ এজন যুৱকে লগৰ পাঁচজন বন্ধুৰ সৈতে বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা অৱস্থাত চলন্ত ৰে'লৰ পৰা পৰি কৰুণ মৃত্যুক আঁকোৱালি লয় ৷

উল্লেখ্য যে, বিগত ১০ জুনত বহিঃৰাজ্য চেন্নাইলৈ গৈছিল সঞ্জীৱ মুণ্ডা নামৰ যুৱকজন । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, ১৩ জুনৰ বিয়লি ৩ বজাত প্ৰশাসনৰ দ্বাৰা পৰিয়ালৰ লোকক সঞ্জীৱ মুণ্ডাৰ মৃত্যু হোৱাৰ কথা অৱগত কৰা হয় (Youth dies after falling off running train)৷ সম্প্ৰতি, সংবাদমাধ্যমৰ জৰিয়তে পৰিয়ালৰ লোকে প্ৰশাসন তথা চৰকাৰক সঞ্জীৱৰ মৃতদেহটি গতাই দিবলৈ অনুৰোধ জনাইছে । মৃত্যুৰ সময়ত সঞ্জীৱে এগৰাকী ৬ বছৰীয়া কন্যা এটি ৩ বছৰীয়া পুত্ৰ সন্তান,পত্নী আৰু পিতৃ মাতৃক এৰি থৈ গৈছে ।

কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা যুৱকৰ মৃত্যু

উল্লেখ্য যে, প্ৰতিদিনেই ৰাজ্যখনত নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । সমান্তৰালকৈ অভাৱ ঘটিছে কর্মসংস্থাপনৰ (Unemployment problem in Assam) । শিক্ষিত হোৱাৰ পাছতো উপযুক্ত সংস্থাপন লাভ নকৰাত এতিয়া কর্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গমন কৰিছে ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতী ।

ক'ভিডৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাত এতিয়া পুনৰ কৰ্মসংস্থাপন বিচাৰি ৰাজ্যৰ লাখ লাখ নিবনুৱা ৰাজ্যৰ বাহিৰলৈ ওলাই গৈছে । ইফালে, বাহিৰলৈ যোৱা বহু সংখ্যক লোকেই পৰৱৰ্তী সময়ত নিজ ৰাজ্যলৈ ঘূৰি নহাৰ ফলত ৰাজ্যৰ বহু মানৱ সম্পদৰ অপচয় ঘটিছে । আজিৰ তাৰিখত ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতীয়ে কেৰালা, তামিলনাডু আৰু গুজৰাটৰ লগতে বেংগালুৰ, হায়দাৰাবাদ, দিল্লী, মুম্বাই আদি মহানগৰীত থিতাপি লৈছে । ইয়াৰে প্ৰায়বোৰ যুৱক-যুৱতীয়ে বিভিন্ন দুৰ্ঘটনা বা অন্য কাৰণতে হওঁক অকাল মৃত্যুকো সাৱটিবলগীয়া হয় ৷

লগতে পঢ়ক :প্ৰৱল বৰষুণৰ সম্ভাৱনা: বুধবাৰে গুৱাহাটীত স্কুল-কলেজ বন্ধ ৰখাৰ পৰামৰ্শ জিলা উপায়ুক্তৰ

Last Updated : Jun 15, 2022, 4:30 PM IST

ABOUT THE AUTHOR

...view details