গুৱাহাটী,১৭ মে':অসমৰ বাবে অবৰ্ণনীয় আৰু অতি বেদনাদায়ক এক খবৰ । কৰ’ণাৰ সৈতে যুঁজ দি অৱশেষত হাৰ মানিলে অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট পৰিচালক তথা নাট্যকাৰ শম্ভূ গুপ্তা । দেওবাৰে নিশা ১০.৫০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল ৮০ বছৰ । বেদনাদায়ক কথাটো যে তেওঁৰ নশ্বৰদেহ সৎকাৰৰ বাবে নাই পৰিয়ালৰ এগৰাকীও লোক । কিয়নো তেওঁৰ পুত্ৰ নিলয় গুপ্তা আৰু কন্যা পূবালী গুপ্তাও কৰ’ণাত আক্ৰান্ত হোৱাত সম্প্ৰতি চিকিৎসাধীন হৈ আছে ।
নিলয় গুপ্তা সম্প্ৰতি হোম আইচ’লেছনত আছে যদিও জীয়ৰী পূবালীক দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভৰ্তি কৰোৱা হয় । ইতিপূৰ্বে শিল্পীগৰাকীৰ পত্নী ডলী গুপ্তাৰ যোৱা বছৰত মৃত্যু হৈছে । কিছুদিন পূৰ্বে প্ৰয়াত শম্ভূ গুপ্তা কৰ’ণাত আক্ৰান্ত হোৱাৰ পাছত ৮ মে’ত তেওঁক এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু স্বাস্থ্যৰ অৱনতি ঘটাত ১০ মে’ত শম্ভূ গুপ্তাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভৰ্তি কৰোৱা হয় ।