গুৱাহাটী,5 নৱেম্বৰ:গীতৰ মাজেৰে শত সহস্ৰজনৰ হৃদয় জিনা দৰদী শিল্পী ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ আজি নৱম সংখ্যক মৃত্যু বাৰ্ষিকী ৷ আজীৱন জনতাৰ বাবে গীত গাই ফুৰা সুধাকণ্ঠ কায়িকভাৱে আমাৰ মাজত নাই যদিও সৃষ্টিৰাজীৰ জৰিয়তে প্ৰতিগৰাকী অসমীয়াৰ বুকুৰ মাজত আজিও সজীৱ হৈ আছে মানৱ দৰদী শিল্পীগৰাকী ৷ ভূপেন দাৰ গীতত মূৰ্ত প্ৰকাশ ঘটিছিল খাটি খোৱা আৰ্তজনৰ বুকুৰ মৰ্মবেদনা ৷ মাটি-মানুহৰ সম্পৰ্ক উন্মোচিত হৈছিল হাজৰিকাৰ প্ৰতিটো গীতত ৷ গীতৰ মাজেৰে ভূপেন হাজৰিকাই জাতি-ধৰ্ম-বৰ্ণ-ভাষা-নিৰ্বিশেষে প্ৰত্যেককে একতাৰ ডোলেৰে বান্ধ খুৱাই ৰাখিব বিচাৰিছিল ৷ সেয়েহে হাজৰিকাই গাইছিল-বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ’ব নিঃশেষ ৷
ভূপেন দা অবিহনে অতিক্ৰম 9 বছৰ - ভূপেন দা অবিহনে অতিক্ৰম 9 বছৰ
দিনযোৰা কাৰ্যসূচীৰে ৰাজ্যত পালন কৰা হ’ল সুধাকণ্ঠৰ নৱম সংখ্যক মৃত্যু দিৱস ৷ গুণমুগ্ধই সুঁৱৰিলে গণশিল্পীগৰাকীৰ কৰ্মৰাজীক ৷ মহানগৰীতো ভাৰতৰত্ন ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন ৷
ভূপেন দা অবিহনে অতিক্ৰম 9 বছৰ
পিছে বিশ্বৰ শৰীৰত পংগু অংগ নহৈ হাতত হাত ধৰি আগুৱাই যোৱা ভূপেন হাজৰিকাৰ আহ্বান আজি কোনে শুনিছে ! ভূপেন হাজৰিকাৰ সপোনৰ অসম আজি ভিন্ন সমস্যাৰে জৰ্জৰিত ৷ সাম্প্ৰদায়িক মন্তব্য তথা স্ব-বিৰোধী নীতিৰ ফলত সমাজখন ভাগ ভাগ হোৱা দেখা গৈছে ৷ বৃহস্পতিবাৰে বিশ্ব বৰেণ্য এইগৰাকী মহান শিল্পীৰ মৃত্যুৰ দিনটোত সেয়ে বিভিন্নজনে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷
লগতে চাওকঃসুধাকণ্ঠক দীঘলীপুখুৰীৰ পাৰত শ্ৰদ্ধাঞ্জলি সদৌ অসম ছাত্ৰ সন্থাৰ