গুৱাহাটী,২৯ মে': মহানগৰীত সংঘটিত হৈছে এক হৃদয় বিদাৰক কাণ্ড ৷ কোনো অজ্ঞাত লোকে পশুচিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত পেলাই থৈ গ'ল এটি নৱজাতকৰ মৃতদেহ ৷ দেওবাৰে পুৱা স্থানীয় লোকে দেৱ শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷
খানাপাৰা পশুচিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত জংঘলত উদ্ধাৰ হৈছে দেৱশিশুটিৰ মৃতদেহ(Newborn body dumped in sack) ৷ এনেধৰণে পশুচিকিৎসা মহাবিদ্যালয়ৰ চৌহদত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই পুনৰ এবাৰ উদঙাই দিলে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাক ৷ মৃতদেহটো এটি বস্তাত ভৰাই পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।