গুৱাহাটী, 18 মে’ :মহানগৰীত ৰহস্যজনক মৃত্যু যুৱকৰ (Dead body of a photographer recovered in Noonmati) ৷ নুনমাটিৰ কৈলাশ নগৰৰ পূৱ ভৱানীপুৰ অঞ্চলত মঙলবাৰে এজন 20 বছৰীয়া যুৱকে নিজ বাসগৃহত চীপ লৈ আত্মহত্যা কৰে ৷ এই ঘটনাটোৱে সমগ্ৰ এলেকাত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ নিজৰ শোৱনিকোঠাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ ৷ মৃত যুৱকজনৰ নাম পিংকু দাস বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, স্থানীয় এটা মনোৰঞ্জনধৰ্মী চেনেলত কিছুদিন পূৰ্বলৈ কৰ্মৰত হৈ থকা যুৱকজনে শ্বুটিঙৰ কামৰ বাবে প্ৰায়ে ঘৰৰ বাহিৰত আছিল ৷ ঘৰলৈ অহাৰ কোনো নিৰ্দিষ্ট সময় নাছিল যুৱকজনৰ ৷ যাৰ বাবে যুৱকজনে মূল ঘৰৰ সৈতে সংলগ্ন এটা কোঠাত বাস কৰিছিল ৷ বিগত দুদিন ধৰি যুৱকজনে কোনো ধৰণৰ যোগাযোগ নকৰাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোকসকল ৷ বহু বিচাৰ খোচাৰ কৰাৰ পিছতো যুৱকজনৰ সম্ভেদ লাভ নকৰাত মঙলবাৰে পৰিয়ালৰ লোকে কোঠাটোৰ তলা ভাঙি চীপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে পিংকুক ৷
পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় নুনমাটি আৰক্ষী ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচ(GMCH) লৈ প্ৰেৰণ কৰে ৷ পৰিয়ালৰ লোকে যুৱকজনক দুৰ্বৃত্তই হত্যা কৰি মৃতদেহটো এনেদৰে ওলোমাই থোৱা বুলি দাবী কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নুনমাটি থানাত দাখিল কৰিছে এজাহাৰ ৷