গুৱাহাটী, ১৩ এপ্ৰিল :ক্ৰমাৎ যেন অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ মহানগৰীত নিতৌ বৃদ্ধি পাইছে ইটোৰ পাছত আনটো হত্যাকাণ্ড । সঘনে উদ্ধাৰ হ’বলৈ লৈছে মৃতদেহ ৷ আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীত কেনেকৈ সংঘটিত হ’বলৈ পাইছে এনে ধৰণৰ ঘটনা ? তাকেলৈ চিন্তিত হৈ পৰিছে সচেতন মহল ৷
উল্লেখ্য যে, ৭২ ঘন্টাত মহানগৰীত উদ্ধাৰ হ'ল ৭ টাকৈ মৃতদেহ (Dead bodies rescue in Guwahati) । ইয়াৰ ভিতৰত দুটা ঘটনা হত্যাকাণ্ড বুলি আৰক্ষীয়ে স্বীকাৰ কৰাৰ লগতে আন ৫ টা ঘটনা অপৰাধজনিত নহয় বুলি মন্তব্য কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিং আৰু যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই ।