গুৱাহাটী, 3 ডিচেম্বৰ :মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ উলুবাৰীৰ ৰতন দেৱান পথত সংঘটিত হৈছে এই ঘটনা । কম্বলেৰে বিচনাৰ তলত মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ আনা জুমা বিবি নামৰ এগৰাকী মহিলাৰ মৃতদেহ ।
জানিব পৰা মতে, মহিলা গৰাকী এখন বিউটি পাৰ্লাৰত কৰ্মৰত আছিল । জানিব পৰা মতে, আনা জুমা বিবিৰ স্বামী চামুৱেল ৰহমান বৰ্তমান পলাতক অৱস্থাত আছে । 27 নৱেম্বৰত ধুবুৰীৰ পৰা আহিছিল দুয়ো । 1 ডিচেম্বৰৰ সন্ধিয়াৰ পৰা বন্ধ হৈ আছিল আনা জুমাৰ ম'বাইল । পৰৱৰ্তী সময়ত পৰিয়ালৰ সন্দেহ উপজি ধুবুৰীৰ পৰা আহি উলুবাৰীৰ ঘৰৰ দুৱাৰ ভাঙি মহিলা গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷