গুৱাহাটী, ৫ ডিচেম্বৰ : দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতীগাঁও লখিমী নগৰ চিন্ময় পথৰ ৰং মিস্ত্ৰি মিলন ছেত্ৰীৰ হত্যাকাণ্ড ( Dispur murder case)ৰ ৰহস্য ফাদিল । অত্যাধিক মদ্যপানৰ বাবেই মৃত্যু হৈছিল মিলন ছেত্ৰীৰ । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট হৈছে এই কথা । দেওবাৰে, এই কথা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে DCP শুভ্ৰজ্যোতি বৰাই (DCP reveals findings of Dispur murder case)।
তেওঁ কয় যে, মিলন ছেত্ৰীক কোনেও হত্যা কৰা নাছিল তেওঁ অত্যাধিক মদ্যপান কৰাৰ ফলত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল (Excessive drinking habit killed Suman Chetri) । পৰিয়ালক সোধ-পোছ কৰাৰ অন্তত গম পোৱা যায় যে, তেওঁ নিজেই বাহিৰৰ পৰা দুৱাৰ তলা মাৰি থয় । বহুজনক পইচা দিব থকা বাবে পূৰ্বেও তেওঁ বাহিৰৰ পৰা দুৱাৰ মাৰি থৈ পিছফালৰ দুৱাৰেৰে ঘৰৰ ভিতৰত সোমাই থাকে ।
এই কথা পৰিয়ালৰ লোকে স্বীকাৰ কৰাৰ পিছত আগদিনা ভঙা তলাটোৰ চাবি পিছদিনা ঘৰৰ ভিতৰেৰে একেই জেগাতেই উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ।