অসম

assam

ETV Bharat / state

দুৰ্গা পূজাক লৈ মহানগৰ প্ৰশাসনৰ পথ নিৰ্দেশনা জাৰি - ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব মা দুৰ্গাক

দুৰ্গা পূজা আৰু ইয়াৰ মাজতে 2 অক্টোবৰত গুৱাহটীত হ’ব লগা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত T-20 মেচক লৈ কঠোৰ হৈছে ৰাজ্যৰ যান বাহন আৰক্ষী ৷ পূজাৰ কেইদিন আপুনি কোন পথেৰে কেনেদৰে যাতায়ত কৰিব পাৰিব ? সবিশেষ এই বাতৰিত...

DCP press meet in Guwahati
দুৰ্গা পূজাক লৈ মহানগৰ প্ৰশাসনৰ পথ নিৰ্দেশনা জাৰি

By

Published : Sep 30, 2022, 8:53 PM IST

গুৱাহাটী, 30 ছেপ্টেম্বৰ :1 অক্টোবৰ অৰ্থাৎ শনিবাৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব মা দুৰ্গাক (Durga Puja 2022) ৷ ৰাজ্যজুৰি চলিছে মহিষ মৰ্দিনী মা দুৰ্গাক আদৰাৰ প্ৰস্তুতি ৷ দুৰ্গা পূজাৰ মাজতে 2 অক্টোবৰত মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত T-20 মেচ (T 20 Match in Guwahati) ৷

যাৰ বাবে কঠোৰ হৈছে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাও ৷ সেয়ে শুকুৰবাৰে যান-বাহনৰ নীতি-নিয়মসমূহক লৈ মহানগৰ যান বাহন আৰক্ষীৰ উপ আৰক্ষী আয়ুক্ত হিৰণ্যকুমাৰ বৰ্মণে সম্বোধন কৰে এক সংবাদমেলৰ (Guideline issues on Durga Puja) ৷ তেওঁ উল্লেখ কৰা অনুসৰি,

  • 2 অক্টোবৰৰ পুৱা 9 বজাৰ পৰা 3 অক্টোবৰ পুৱা 2 বজালৈ চাৰি চকা বা তাতকৈ অধিক চকাৰ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহন ৰাষ্ট্ৰীয় ঘাইপথ-27 আৰু 17 ত চলাচলত নিষেধাজ্ঞা জাৰি ৷
  • 6 চকীয়া বা তাতকৈ অধিক চকাৰ সামগ্ৰী কঢ়িওৱা সীমিত বাহনৰহে 1, 3, 4, 5 অক্টোবৰত পুৱা 9 বজাৰ পৰা ৰাতি 11:30 বজালৈ চলাচল বন্ধ থাকিব ৷
  • 1, 2, 3, 4, 5 অক্টোবৰত পুৱা 4 বজাৰ পুৱা ৯ বজালৈ চলাচল কৰিব পাৰিব ।
  • বৰ্ষাপৰা তিনিআলিৰ পৰা ধীৰেনপাৰ তিনিআলিলৈ কেৱল গাড়ী পাছ থাকিলেহে যাব পাৰিব । গাড়ী পাছ নাথাকিলে ধীৰেনপাৰা তিনিআলিৰ পৰা ভিতৰলৈ সোমাব নোৱাৰিব ।
  • ধীৰেনপাৰা পৰা বর্ষাপৰা ষ্টেডিয়াম তিনিআলি, তাৰ পৰা লখৰালৈ কেৱল ওৱান ৱে (One way) থাকিব ।
  • বশিষ্ট চাৰিআলিৰ পৰা জালুকবাৰী লৈ যাব লগীয়া বাছসমূহ বশিষ্ঠৰ পৰা ত্ৰিপুৰা গলি হৈ জয়ানগৰ চাৰিআলি মাজেৰে চয়মাইল হৈ VIP ৰোডৰ সহায়ত নাৰেংগী, নুনমাটি, চান্দমাৰী হৈ ওলাব পাৰিব লাগিব ।
দুৰ্গা পূজাক লৈ মহানগৰ প্ৰশাসনৰ পথ নিৰ্দেশনা জাৰি
  • বশিষ্টৰ পৰা ধাৰাপুৰলৈ যোৱা বাছসমূহ ত্ৰিপুৰা গলি, জয়ানগৰ, ছয়মাইল হৈ GS ৰোডৰে ধাৰাপুৰলৈ যাব ।
  • হাটীগাঁও পৰা আমিনগাঁৱলৈ যোৱা বাছসমূহ ত্ৰিপুৰা গলি হৈ VIP ৰোড, নাৰেংগী, নুনমাটি হৈ চান্দমাৰী ওলাব পাৰিব
  • পাঞ্জাবাৰী পৰা ধাৰাপুৰলৈ যোৱা বাছসমূহ VIP ৰোড নুনমাটি হৈ চান্দমাৰী, MG ৰোড হৈ ধাৰাপুৰ যাব পাৰিব ।
  • নামনি অসমৰ পৰা অহা বাছসমূহ আদাবাৰী ৰখাব লাগিব মহানগৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব ।
  • উজনিৰ পৰা অহা বাছসমূহ ISBT ত ৰখাব লাগিব, মহানগৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব ।
  • আনহাতে, ক্ৰিকেটৰ ক্ষেত্ৰত 6 খন গেট দৰ্শকৰ বাবে মুকলি কৰা হ’ব ।
  • ইয়াৰ ভিতৰত গেট নম্বৰ 1B অতিথিৰ বাবে খোলা থাকিব ।
  • 2 নম্বৰ গেটলৈ যাব হ’লে বৰ্ষাপৰা তিনি আলি হৈ AK আজাদ ৰোডৰে ভিতৰলৈ যাব পাৰিব ।
  • 3 নম্বৰ গেটলৈ যাব হ’লে RG বৰুৱা পথেৰে গদৰেজ গলি বা ৰোলিং ৰোড হৈ AK আজাদ ৰোডৰে ভিতৰলৈ যাব পাৰিব ।
  • 4 নম্বৰ গেটলৈ যাব হ’লে ৰোলিং মিল ৰোড তিনিআলিৰ পৰা AK আজাদ ৰোডৰে ভিতৰলৈ যাব পাৰিব ।
  • 5 নম্বৰ আৰু 6 নম্বৰ গেটলৈ যাব হ’লে ভূপেন হাজৰিকা পথৰ সহায়ত ৰঘুনাথ পথ হৈ AK দেৱ ৰোডৰে ভিতৰলৈ যাব পাৰিব ।
  • 7 নম্বৰ গেটলৈ যাব হ’লে বৰ্ষাপাৰা তিনি আলি হৈ AK আজাদ ৰোডৰে ভিতৰলৈ যাব পাৰিব ৷

লগতে পঢ়ক :মুকলি হ’ল ১৪৯.০৭ কোটি টকা ব্যয়েৰে নিৰ্মিত আৰ্য নগৰ উৰণ সেতু

ABOUT THE AUTHOR

...view details