অসম

assam

ETV Bharat / state

মহানগৰীৰ ক'ভিড পৰীক্ষা ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ

পৰ্যালোচনা বৈঠকখনত উপায়ুক্ত গৰাকীয়ে পৰীক্ষাৰ সংখ্যা বৃ্দ্ধিৰ বাবে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। ক’ভিড কেয়াৰ চেণ্টাৰ সমূহত ৰাখিব লগা ১০৮ এম্বুলেঞ্চৰ সংখ্যা নিৰ্ধাৰণ কৰি দিয়াৰ লগতে অতিৰিক্ত এম্বুলেঞ্চ সাজু কৰি ৰখাৰ বাবেও তেওঁ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।

মহানগৰীৰ ক'ভিড পৰীক্ষা ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ
মহানগৰীৰ ক'ভিড পৰীক্ষা ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ

By

Published : May 18, 2021, 10:41 PM IST

গুৱাহাটী,১৮ মে’: কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে মঙলবাৰে জিলা খনত চলি থকা ক’ভিড পৰীক্ষা অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। পৰ্যালোচনা বৈঠকখনত উপায়ুক্ত গৰাকীয়ে পৰীক্ষাৰ সংখ্যা বৃ্দ্ধিৰ বাবে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে ।

ক’ভিড কেয়াৰ চেণ্টাৰ সমূহত ৰাখিব লগা ১০৮ এম্বুলেঞ্চৰ সংখ্যা নিৰ্ধাৰণ কৰি দিয়াৰ লগতে অতিৰিক্ত এম্বুলেঞ্চ সাজু কৰি ৰখাৰ বাবেও তেওঁ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । পৰীক্ষা অবিহনে ক’ভিড নিয়ন্ত্ৰণ অসম্ভৱ বুলি মন্তব্য কৰি উপায়ুক্ত গৰাকীয়ে ক’ভিড-১৯ পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

মহানগৰীৰ ক'ভিড পৰীক্ষা ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ

গুৱাহাটী পৌৰ নিগমৰ পৰিসীমাৰ ভিতৰত পৰা সকলো এপাৰ্টমেণ্ট, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, সংবাদ মাধ্যমৰ কাৰ্যালয়, বেচৰকাৰী সংস্থা, শ্বপিং ম'ল আদিত পৰীক্ষা কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশ দিছে উপায়ুক্ত গৰাকীয়ে । লগতে উপায়ুক্ত পেগুৱে ক’ভিড টীকাকৰণ অভিযানৰ অগ্ৰগতিৰো বুজ লয় ।

বৈঠকত অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰয়চৌধুৰী, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পুলক মহন্ত, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গণেশ শইকীয়াৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়কঃ নগাঁৱত যোগদান কৰিয়েই জনসেৱা আৰম্ভ আনন্দ মিশ্রৰ

ABOUT THE AUTHOR

...view details