গুৱাহাটী, ৯ জুন: ঘটনা এটা সংঘটিত হ’লেহে যে চৰকাৰ-প্ৰশাসনৰ গা লৰে ৷ এগৰাকী ছাত্ৰীৰ শোকাৱহ মৃত্যুৰ পাচত প্ৰশাসনৰ চকু পৰিল গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত খান্দি ৰখা বিপদ সংকুল গাঁতসমূহত ৷ চকুত পৰিল নীতি বহিভূৰ্তভাৱে কৰা কাম ৷ এগৰাকী ছাত্ৰীয়ে প্ৰাণ দিয়াৰ পাচতেহে সাৰ পাইছে প্ৰশাসনে (School girl died in Guwahati accident) ৷
উল্লেখ্য যে বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিত প্ৰিয়া কুমাৰী নামৰ এগৰাকী ছাত্ৰীৰ দুৰ্ঘটনাত মৃত্যু হৈছিল ৷ প্ৰিয়া কুমাৰীৰ মৃত্যুৰ পিচতেই উক্ত ঘটনাৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্বৰ শৰ্মাই কামৰূপ মহানগৰ জিলা আয়ুক্তক নিৰ্দেশ প্ৰদান কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিচতেই কঠোৰ হৈছে জিলা আয়ুক্তগৰাকী (Road construction in Guwahati) ৷
শুকুৰবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই মহানগৰীৰ বাট-পথত চলি থকা কাম বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ ২৪ ঘণ্টাৰ ভিতৰত বন্ধ কৰিব লাগিব বাট-পথৰ কাম ৷ কিমান দিনৰ ভিতৰত কাম শেষ কৰিব পাৰিব সেয়া আগতীয়াকৈ জনাব লাগিব প্ৰশাসনক ৷ তদুপৰি কাম কৰাৰ পূৰ্বে এন অ’ চি (NOC) তথা প্ৰশাসনৰ ল’ব লাগিব অনুমতি (Guwahati construction work) ৷
শুকুৰবাৰৰ দিনটোতে গাঁত খন্দাৰ বাবে যান-বাহন আৰক্ষী, লোক নিৰ্মাণ বিভাগৰ অনুমতি নোলোৱাৰ বাবেই AK Construction ছুপাৰভাইজাৰ পি বালাজীক গ্ৰেপ্তাৰ কৰিছে ৷ এগৰাকী মেধাৱী ছাত্ৰীৰ পথ দুৰ্ঘটনাত হোৱা মৃত্যুৱে গা লৰোৱাৰ পিচতহে এ কে কনষ্ট্ৰাকচনৰ পৰিচালকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷