গুৱাহাটী, ৯ আগষ্ট:অসমৰ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ(Cotton University) সন্মুখত আছে এজোপা শ শ বছৰ পুৰণি বট গছ । পূৰ্বৰ কটন কলেজৰ(Cotton College)সন্মুখত থকা এই পুৰণি গছজোপাক লৈ ৰচিত হৈছে বহুতো কাহিনী । এইজোপা শ শ বছৰ পুৰণি বট গছ নেহৰু পাৰ্কৰ গেট নিৰ্মাণৰ বাবে কাটিবলৈ ওলোৱাত ৰাইজৰ মাজত হৈছে ব্য়াপক চৰ্চা । এইজোপা গছ কোনো কাৰণতে কাটিবলৈ দিয়া নহয় বুলি ৰাইজৰ লগতে দল-সংগঠনে সকীয়াই দিছে।
ৰাইজৰ প্ৰতিবাদৰ পাছত কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পুৰণি বট গছজোপা কটা নহয় বুলি স্পষ্ট কৰিছে জিলা প্ৰশাসনে । এই গছজোপা কটা নহয় বুলি সদৰী কৰিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই(Kamrup Metropolitan DC Pallav Gopal Jha)। উল্লেখ্য় যে গুৱাহাটী মহানগৰ উন্নয়ণ প্ৰাধিকৰণে(Guwahati Metropolitan Development Authority) কটন বিশ্ববিদ্যালয়ৰ সন্মুখত থকা বট গছজোপা কাটিব ওলোৱা কাৰ্যক লৈ ছ'চিয়েল মিডিয়াত সৰৱ চৰ্চা হৈছিল । সম্প্ৰতি নিৰ্মাণ হৈ থকা নেহৰু পাৰ্কৰ গেটৰ বাবে শ শ বছৰ পুৰণি প্ৰকাণ্ড বট গছজোপা কটাৰ সম্ভৱনা আছিল । এই খবৰ পোৱাৰ পিছতে গছ কটা বিষয়টো সহজভাৱে গ্ৰহণ কৰা নাছিল কটনিয়ানসকলেও ।