কামৰূপ, 12 অক্টোবৰ: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সৈতে চলি থকা আন্তঃৰাজ্যিক সীমা বিবাদ তথা সীমান্তৱৰ্তী অঞ্চলত চলা আগ্ৰাসনৰ ঘটনাৰ বুজ লবলৈ দেওবাৰে বকো ৰাজহ চক্ৰৰ অন্তৰ্গত লাম্পীত উপস্থিত হয় কামৰূপ গ্ৰাম্য জিলাৰ নৱনিযুক্ত উপায়ুক্ত কৈলাশ কাৰ্তিক ৷ লাম্পীত উপস্থিত হৈয়ে স্থানীয় ৰাইজৰ সৈতে আলোচনাত বহে উপায়ুক্ত গৰাকী ৷ আলোচনাত স্থানীয় ৰাইজে উপায়ুক্ত গৰাকীক বিভিন্ন সমস্যা সমূহৰ বিষয়ে আঙুলিয়াই দিয়ে ৷ ইয়াৰ প্ৰত্যুত্তৰত এই সমস্যা সমূহ অতি সোনকালে সমাধান কৰা হ'ব বুলি প্ৰকাশ কৰে উপায়ুক্ত গৰাকীয়ে ৷ তাৰ পাছতেই উপায়ুক্ত গৰাকীয়ে মেঘালয় ৰাজ্যই অগ্ৰাসন কৰা প্ৰায় 8 কিলোমিটাৰ অঞ্চল পৰিদৰ্শন কৰে ৷ মেঘালয়ে অগ্ৰাসন কৰা মৌলানলৈ গৈ অঞ্চলটো পৰিদৰ্শন কৰে উপায়ুক্ত গৰাকীয়ে ৷ পূৰ্বতে মৌলানত এটা শিলত অসমৰ ফলক খোদিত কৰা আছিল যদিও বৰ্তমান সেই ফলকখন নষ্ট কৰি পেলাইছে মেঘালয়ে ৷
মেঘালয়ে আগ্ৰাসন চলোৱা অঞ্চল পৰিদৰ্শন কামৰূপ জিলা উপায়ুক্তৰ - DC of Kamrup rulal district visited the interstate boarder conflict area
আগ্ৰাসনৰ ঘটনাৰ বুজ লবলৈ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত লাম্পীত উপস্থিত হয় কামৰূপ গ্ৰাম্য জিলাৰ নৱনিযুক্ত উপায়ুক্ত কৈলাশ কাৰ্তিক ৷ উপস্থিত হৈয়ে উপায়ুক্ত গৰাকীয়ে মেঘালয় ৰাজ্যই অগ্ৰাসন কৰা প্ৰায় 8 কিলোমিটাৰ অঞ্চল পৰিদৰ্শন কৰে ৷
ইয়াৰ পিছতে আপাৰ লাম্পীলৈ গৈ অসম মেঘালয় সীমা পৰিদৰ্শন কৰে উপায়ুক্ত গৰাকীয়ে ৷ লগতে আপাৰ লাম্পীত থকা অসমৰ সীমা পহৰা চকীত উপস্থিত হৈ অসম আৰক্ষীৰ জোৱানসকলৰ সমস্যাৰ বিষয়ে আলোচনা কৰে আৰু অতিশীঘ্ৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰা হব বুলি প্ৰকাশ কৰে কামৰূপ গ্ৰাম্য জিলাৰ নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে ৷ উল্লেখ্য যে, এই কাৰ্যসূচীত উপায়ুক্ত গৰাকীৰ সৈতে উপস্থিত থাকে উপায়ুক্ত গৰাকীৰ পিতৃৰ সহিতে অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰায় চৌধুৰী, নৱনিযুক্ত বকো ৰাজহ চক্ৰ বিষয়া দ্বীপশিখা শইকীয়া, সুৰজিৎ কলিতা, বকো ৰাজহ চক্ৰ বিষয়া (সংলগ্ন), বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সনজিৎ কুমাৰ ৰায়, কামৰূপ জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া জুৰি দলৈ আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰী ৷
লগতে পঢ়কৃঃ যোৰহাট নিমাতীঘাট অভিমুখী ফেৰীত অঘটন
TAGGED:
মেঘালয়ে অগ্ৰাসন কৰা মৌলান