অসম

assam

ETV Bharat / state

প্লাষ্টিক বৰ্জনৰ আহ্বান কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিত পেগুৰ

প্লাষ্টিক বেগৰ বিৰুদ্ধে কঠোৰ হ’ব মহানগৰ প্ৰশাসন ৷

By

Published : Jun 15, 2019, 7:21 PM IST

প্লাষ্টিক বৰ্জনৰ আহ্বান কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিত পেগুৰ

গুৱাহাটী,15 জুনঃ বৰ্তমান সময়ত আমাৰ চৌপাশ স্বাস্থ্যকৰ হৈ থকা নাই । বিভিন্ন ধৰণে আমাৰ পৰিৱেশ প্ৰদূষিত হৈ আহিছে । পৰিৱেশ প্ৰদূষণৰ এক অন্যতম কাৰণ হৈছে প্লাষ্টিক বেগ ব্যৱহাৰ । গতিকে সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ আমি প্লাষ্টিক বেগ বৰ্জন কৰিব লাগিব, এই আহ্বান কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিত পেগুৰ । শনিবাৰে পেগুৱে কয় যে একাংশ অসাধু ব্যৱসায়ীয়ে চল্লিশ মাইক্ৰনৰ ওপৰত প্লাষ্টিক বেগ বিক্ৰী কৰাটো নিষিদ্ধ । কিন্তু এই অসাধু ব্যৱসায়ী সকলে প্লাষ্টিক বিক্ৰী কৰি পৰিৱেশ বিনষ্ট কৰি আহিছে । এইক্ষেত্ৰত জিলা প্ৰশাসনে অসাধু ব্যৱসায়ী সকলৰ ক্ষেত্ৰত পৰীক্ষা কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা হাতত নাই । প্লাষ্টিক বৰ্জনৰ বাবে জি এম চি কৰ্তৃপক্ষই অভিযান চলায় আছে যদিও সাধাৰণ লোকেও এইক্ষেত্ৰত সতৰ্ক হোৱাটো আৱশ্যক বুলি উল্লেখ কৰে । কৃত্ৰিম বানো ইয়াৰ এক কাৰণ । কিয়নো নলা নৰ্দমা সমূহত প্লাষ্টিক বেগ সমূহ পেলোৱাৰ ফলত পানী জমা হয় । লগতে, অনাগত দিনত প্লাষ্টিক বেগ বর্জনৰ বাবে কঠোৰ হ’ব জিলা প্ৰশাসন ।

মহানগৰৰ উপায়ুক্ত বিশ্বজিত পেগু

ABOUT THE AUTHOR

...view details