গুৱাহাটী, 3 জুলাই : ৰাজ্যত উদ্যোগিক পৰিৱেশ তৰান্বিত কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ বিশেষ পৰ্যালোচনা সভা ৷ অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ এখন দিনজোৰা পৰ্যালোচনা সভা বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ এই সভাখন অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই উদ্বোধন কৰে ৷
উদ্বোধনী ভাষণ প্ৰদান কৰি মন্ত্ৰী বড়াই কয় যে ৰাজ্যখনৰ উন্নয়নৰ গতি তৰান্বিত কৰাৰ ক্ষেত্ৰত দ্ৰুত উদ্যোগীকৰণে প্ৰধান ভূমিকা পালন কৰে ৷ কোনো এটা অঞ্চল সম্পদশালী বুলি ক'বলৈ হ'লে উদ্যোগীকৰণ হ'বই লাগিব বুলিও মন্ত্ৰী গৰাকীয়ে ভাষণত মন্তব্য কৰে ৷ মন্ত্ৰী গৰাকীয়ে লগতে কয় যে অসমৰ উদ্যোগিক বিকাশ আৰু উত্তৰণত নতুন গতি প্ৰদান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ সদায় প্ৰতিশ্ৰুতিবদ্ধ আৰু উদ্যোগিক আন্তঃ গাঁথনি নিৰ্মাণৰ ক্ষেত্ৰতো দৃঢ়প্ৰতিজ্ঞ ৷ মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত আমাৰ ৰাজ্যখনত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম এচ এম ই) সমূহে প্ৰধান ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি এইক্ষেত্ৰত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ( ডি আই চি চি) সমূহৰ মুখ্য দায়িত্ব আছে বুলিও মন্তব্য কৰে ৷
এম এচ এম ই উদ্যোগ স্থাপনৰ বাবে উঠি অহা যুৱ-প্ৰজন্মক বৃত্তিমুখী কৰাৰ ক্ষেত্ৰত ডি আই চি চিৰ মহাপ্ৰবন্ধক সকলে নিজ নিজ জিলা সমূহত সক্ৰিয় ভূমিকা পালন কৰিব লাগে বুলিও তেওঁ ব্যক্ত কৰে ৷ এম এছ এম ইৰ বাবে নতুন উদ্যোগীসকলক উৎসাহিত কৰিবলৈ ডি আই চি চিৰ মহাপ্ৰবন্ধকসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে, তদুপৰি মন্ত্ৰীগৰাকীয়ে উদ্যোগ বিভাগৰ দ্বাৰা কেইমাহমান পূৰ্বে অনুষ্ঠিত "উদ্যম -2023" শীৰ্ষক কাৰ্যসূচীৰ ফলাফলৰ সন্দৰ্ভত ডি আই চি চিৰ মহাপ্ৰবন্ধক সকলৰ সৈতে পৰ্যালোচনা কৰে আৰু প্ৰবন্ধক সকলৰ পৰা মতামত বিচাৰে ৷