গুৱাহাটী,10 মাৰ্চঃ মুম্বাই আৰু পুনেৰ পৰা বন্ধুৰ বিয়াৰ বাবে আহিছে তিনিজন যুৱক । গুৱাহাটীৰ পৰা শিৱসাগৰলৈ বিয়াৰ বাবে এই তিনি যুৱকে কৰিব বাইকেৰে যাত্ৰা । সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰাৰ লক্ষ্য যুৱককেইজনৰ । যি সময়ত কৰ’ণা ভাইৰাছৰ আতংকৰ বাবে সকলোৱে ভ্ৰমণ অথবা উৎসৱ পাৰ্বণ পালনৰ পৰা নিজকে বিৰত ৰাখিছে,সেইসময়ত মটৰ চাইকেলেৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰাৰ লক্ষ্য লৈছে যুৱকৰ দলটোৱে । সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্যই আকৃষ্ট কৰিছে যুৱককেইজনক । কৰ’ণাৰ বাবে সাৱধানতা অৱলম্বন কৰিবলগীয়া সকলো ব্যৱস্থা গ্ৰহণ কৰিছে যুৱককেইজনে ৷ লগতে ভাইৰাছবিধৰ পৰা নিজক আঁতৰাই ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । ক'ৰণা ভাইৰাছৰ আতংক যিমানে জনসাধাৰণৰ মাজত প্ৰচাৰ হৈছে সেইধৰণে ভয় কৰাৰ কোনো কাৰণ নাই । পৰিষ্কাৰ,পৰিছন্নতা আৰু খাদ্যভ্যাস ঠিক ৰখাৰ লগতে অচিনাকি লোকৰ সৈতে কথা পাতোতে সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি জানিবলৈ দিয়ে যুৱককেইজনে ।
কৰ’ণা ভাইৰাছৰ আতংকক নেওচি তিনি বন্ধুৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ
বন্ধুৰ বিয়াৰ বাবে অসমলৈ আহিছে তিনিজন যুৱক । বিয়াৰ পিছত উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰাৰ লক্ষ্যৰে এই তিনি যুৱকে গুৱাহাটীৰ পৰা মটৰচাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে । যি সময়ত কৰ’ণা ভাইৰাছৰ আতংক সমগ্ৰ বিশ্বত অপৰিৱৰ্তিত হৈ আছে,সেই সময়ত ভাইৰাছবিধলৈ ভয় নকৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে এই তিনি যুৱকে ৷
উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ
আনহাতে,যুৱক তিনিজনে অসমলৈ আহি মহানগৰীৰ ৰেঁস্তোৰাত অসমীয়া খাদ্যৰ জুতি লৈ শিৱসাগৰলৈ যাত্ৰা কৰে ৷ লগতে অসমীয়া ৰাইজক দৈনন্দিন কাম কৰাৰ লগতে নিজৰ শৰীৰৰ যতন ল’লে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা কোনো ভয় নাই বুলি ব্যক্ত কৰে ।
লগতে চাওকঃফাঁচী বজাৰত উলহ মালহেৰে উদযাপন ফল্গুৎসৱ
Last Updated : Mar 10, 2020, 4:57 PM IST