অসম

assam

ETV Bharat / state

কামত নাহিল গুণোৎসৱ, ডাইচৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য - ৰাজহুৱা শিক্ষা অসম

ৰাজ্যৰ ৰাজহুৱা শিক্ষাক লৈ ডাইচৰ প্ৰতিবেদনত প্ৰকাশ পাইছে বিস্ফোৰক তথ্য ৷ যোৱা চাৰি বছৰত চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পালে ৭ লাখলৈ ৷ আনহাতে ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পালে 5 লাখলৈ ৷

DAIS report on Assam school education

By

Published : Aug 20, 2019, 4:49 PM IST

কামত নাহিল গুণোৎসৱ, ডাইচৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

গুৱাহাটী,20 আগষ্টঃ 2016 চনত ৰাজ্যৰ শাসনভাৰ লৈয়ে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিদ্যালয়ে বিদ্যালয়ে গুণোৎসৱ অনুষ্ঠিত কৰিছিল ৷ কিন্তু ৰাজ্যৰ শিক্ষাখণ্ডক লৈ ডাইচৰ প্ৰতিবেদনত প্ৰকাশ পাইছে বিস্ফোৰক তথ্য ৷ তথ্য অনুসৰি, যোৱা চাৰি বছৰত চৰকাৰী বিদ্যালয়ত কমিল ৭ লাখ শিক্ষাৰ্থী আৰু ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পালে 5 লাখলৈ ৷ ২০১৪-২০১৫ বর্ষত ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা আছিল ৫৪,৬৬,৬২৭, কিন্তু ২০১৭-২০১৮ বৰ্ষত এই সংখ্যা হ্ৰাস পালে ৪৭,৪৪,২১৭ জনলৈ ৷ আনহাতে চাৰি বছৰ পূৰ্বে ৰাজ্যৰ ব্যক্তিগত শিক্ষাখণ্ডত শিক্ষাৰ্থীৰ সংখ্যা ৬,৯১,১৭৩ থকাৰ বিপৰীতে ২০১৭-২০১৮ বৰ্ষত এই সংখ্যা বৃদ্ধি পালে ১১,৪১,৭৭৬ জনলৈ ৷ একে সময়তে ৰাজ্যৰ ২২,৮৫২ খন বিদ্যালয়ত মুঠ৫,৬০৩ টা শিক্ষকৰ পদ খালী হৈ আছে বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে ৷ এতিয়া চৰকাৰী বিদ্যালয় সমূহৰ এনে উদ্বেগজনক তথ্যত চিন্তিত হৈ পৰিছে ৰাজ্যৰ সচেতন মহল ৷

ABOUT THE AUTHOR

...view details