গুৱাহাটী, 10 নৱেম্বৰ: নিৰ্বাচনী প্ৰচাৰ সভাত দম্ভৰে বিজেপিৰ ঘোষণা আছিল, দেউৰী পৰিষদীয় নিৰ্বাচনত ২২ খন আসনৰ ভিতৰত ২২ খনেই পাব বিজেপিয়ে৷ পিছে নাপালে (DAC election 2022) ৷ ১২খন আসনতে সীমাবদ্ধ হ’ল বিজেপি মিত্ৰজোঁট ৷ এক কথাত পৰিষদ গঠন বিজেপিয়েই গঠন কৰিব যদিও আশাহত হ’বলগীয়া হ’ল দেউৰী পৰিষদীয় নিৰ্বাচনত (DAC election result 2022)৷ মন্ত্ৰী ৰণোজ পেগুৰ সমষ্টি ধেমাজিত ধৰাশায়ী বিজেপি ৷ ধেমাজিৰ ৪ সমষ্টিৰ ৩টাতেই পৰাজিত বিজেপি ৷ মাজুলীতো পৰাজয়ৰ মুখামুখি বিজেপি (BJP alliance won 12 seats in DAC)৷
পিচে এতিয়া বিজেপিৰ নহয় ৷ আমি আপোনালোকক ক’ব খুজিছো অসমৰ বিৰোধীৰ কথা (Oppositions poor performance in DAC election) ৷ দেউৰী পৰিষদীয় নিৰ্বাচনে কি শিক্ষা দিলে বিৰোধীক ? কিবা শিক্ষা ল’বনে কংগ্ৰেছ, ৰাইজৰ দল, আপ আদিয়ে ? দেউৰী নিৰ্বাচনত দিউৰী নিৰ্বাচনে পুনৰ প্ৰতিপন্ন পৰিলে অসমত এতিয়া শূন্যত গদাহে ঘূৰাই আছে বিৰোধীয়ে (Congress won only teo seats in DAC) ৷
আজি ঘোষণা হোৱা ফলাফলত ২২ খন আসনৰ ১৮ খন আসনত প্ৰতিদন্দিতা কৰি বিজেপিয়ে পালে 11খন আসন ৷ ৪ খনত নিৰ্বাচন খেলি অগপই পালে এখন আসন ৷ পিছে ১৪ টা সমষ্টিত প্ৰতিদন্দিতা কৰি মাত্ৰ দুটাতহে জয় কংগ্ৰেছৰ ৷ এক কথাত নিৰ্বাচনৰ আগতেই হাত দাঙি দিছিল কংগ্ৰেছে ৷ একোটা সমষ্টিত থাকে মাত্ৰ প্ৰায় ৯০০-৪০০০ ভোটাৰ ৷ এই কম সংখ্যক ভোটাৰৰ মাজতো সোমাবলৈ শক্তিহীন কংগ্ৰেছ আৰু আন বিৰোধী দল সমূহ ৷