গুৱাহাটী,১ ছেপ্তেম্বৰঃ ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে ভাল খবৰ(Good news for contractual teacher) । পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ১০ শতাংশ বৃদ্ধি পাব শিক্ষকসকলৰ মৰগীয়া বানচ (Dearness allowance) ৷ সৰ্বশিক্ষা অভিযানৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক আৰু অন্যান্য কৰ্মচাৰীসকলে লাভ কৰিব এই মৰগীয়া বানচ অৰ্থাৎ ডি এ ।
সুখবৰ: বৃদ্ধি পালে শিক্ষকৰ মৰগীয়া বানচ - Dearness allowance for contractual teacher
পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সৰ্বশিক্ষা অভিযানৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক আৰু অন্যান্য কৰ্মচাৰীসকলে বৰ্ধিত হাৰত লাভ কৰিব মৰগীয়া বানচ(Dearness allowance for contractual teacher)
সুখবৰ: বৃদ্ধি পালে শিক্ষকৰ মৰগীয়া বানচ
পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হব এই মৰগীয়া বানচ । আনহাতে আগন্তুক বছৰৰ ১ এপ্ৰিলৰ পৰা ৭ শতাংশকৈ মৰগীয়া বানচ বৃদ্ধি পাব সৰ্বশিক্ষা অভিযানৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক আৰু অন্যান্য কৰ্মচাৰীসকলৰ । আজি এক টুইটযোগে এই ঘোষণা কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে(Education minister Ranoj Pegu)। এই সন্দৰ্ভত ইতিমধ্যে জাৰি কৰা হৈছে জাননী ।
লগতে পঢ়ক:Protest in Hojai : হোজাইত অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ