অসম

assam

ETV Bharat / state

উত্তৰ-পূৱতো পৰিব ঘূৰ্ণীবতাহ য়াছৰ প্ৰভাৱ

তীব্ৰবেগী ঘূৰ্ণী বতাহ য়াছৰ প্ৰভাৱ 26 আৰু 27 মে’ত উত্তৰ পূৰ্ৱাঞ্চলৰ ৰাজ্য অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো পৰাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ইতিমধ্যে যাছ ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিবলগীয়া অঞ্চলসমূহত লবলগীয়া সতৰ্কতামূলক নিৰ্দেশাৱলী জাৰি কৰি সংশ্লিষ্ট বিভাগসমূহক সতৰ্ক হৈ থাকিবলৈ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

Cyclone warning for northeast
উত্তৰ-পূৱতো পৰিব য়াছৰ প্ৰভাৱ: বতৰ বিজ্ঞান কেন্দ্ৰ জাৰি কৰিলে আগজাননী

By

Published : May 25, 2021, 10:56 PM IST

নিউজ ডেস্ক, 25 মে’: তীব্ৰবেগী ঘূৰ্ণী বতাহ য়াছৰ প্ৰভাৱত ওড়িশা আৰু পশ্চিমবংগত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছে ৷ য়াছ ঘূৰ্ণীবতাহে ২৬ মে'ৰ দুপৰীয়া বালাচোৰৰ ওচৰৰ পাৰাদ্বীপ আৰু সাগৰ দ্বীপৰ মাজেৰে অতিক্ৰম কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ।

আগন্তুক কিছু ঘণ্টাৰ ভিতৰত এই ঘূৰ্ণীবতাহৰ গতিবেগ অধিক বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ৷ এই ঘূৰ্ণী বতাহৰ প্ৰভাৱত ইতিমধ্যে ৰাজ্য দুখনত বৃষ্টিপাত আৰম্ভ হৈছে ৷ বিগত 6 ঘণ্টাত য়াছ ঘূৰ্ণীবতাহ 17 কিলোমিটাৰ প্ৰতিঘণ্টাৰ বেগত মধ্য বে-অৱ বেংগলৰ পৰা উত্তৰ-দক্ষিণ দিশত গতি কৰি আছে ৷ বৰ্তমান ইয়াৰ অৱস্থিতি পূৰ্ব-মধ্য বংগোপসাগৰত বুলি জানিব পৰা গৈছে অৰ্থাৎ ওড়িশাৰ পাৰদ্বীপৰ পৰা দক্ষিণ আৰু দক্ষিণ পূৱৰ ফালে 160 কিলোমিটাৰ দূৰৈত ৷

এই ঘূৰ্ণী বতাহৰ প্ৰভাৱ 26 আৰু 27 মে’ত উত্তৰ পূৰ্ৱাঞ্চলৰ ৰাজ্য অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো পৰাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

বুধবাৰেও উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ আইচ’লেটেড অঞ্চলসমূহত প্ৰৱল বৃষ্টিপাত হোৱাৰ সমান্তৰালকৈ ধুমুহা আৰু বজ্ৰপাতৰ প্ৰকোপ পৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷ তদুপৰি কিছু অঞ্চলত যাছৰ প্ৰভাৱ কমকৈ পৰিব যদিও উক্ত অঞ্চলসমূহত সামান্য পৰিমাণৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, 26 মে’ অৰ্থাৎ বুধবাৰে অৰুণাচল প্ৰদেশৰ বহু ঠাইত পাতল বৰষুণ হোৱাৰ লগতে আইচ’লেটেড অঞ্চলসমূহত প্ৰৱল বৃষ্টিপাত, ধুমুহা আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে ৷ একেদিনাই অসম আৰু মেঘালয়তো প্ৰায়বোৰ অঞ্চলত সামান্য বৰষুণ হোৱাৰ লগতে আইচ’লেটেড অঞ্চলত অত্যাধিক প্ৰৱল বৃষ্টিপাত হোৱাৰ লগতে ধুমুহা আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে ৷ অসম আৰু মেঘালয়ত কাইলৈৰ দিনটোত অধিক ক্ষতি কৰাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ আনহাতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত 26 মে’ অৰ্থাৎ কাইলৈ সামান্য বৰষুণ হোৱাৰ লগতে ধুমুহা আৰু বজ্ৰপাতৰো সম্ভাৱনা আছে ৷

ইতিমধ্যে এই য়াছ ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিবলগীয়া অঞ্চলসমূহত লবলগীয়া সতৰ্কতামূলক নিৰ্দেশাৱলী জাৰি কৰিছে ৷ য়াছৰ প্ৰভাৱৰ ফলত বিভিন্ন ঠাইত গছ-গছনি ভাঙি পৰা, বাট-পথ আদিৰ ক্ষয়ক্ষতি হোৱা, ঠায়ে ঠায়ে ভূমিস্খলন আদি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি সংশ্লিষ্ট বিভাগসমূহক সতৰ্ক হৈ থাকিবলৈ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

লগতে পঢ়ক: য়াছৰ ফলত ওড়িশা-পশ্চিমবংগৰ সীমান্তত ভূমিস্খলনৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details