অসম

assam

ETV Bharat / state

ঘূৰ্ণীবতাহ আম্ফানে কি প্ৰভাৱ পেলাব উত্তৰ-পূৱত? - আম্ফান

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আম্ফানৰ প্ৰভাৱ আংশিক ভাবে পৰা পৰিলক্ষিত হ'ব । মঙলবাৰে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰে এই কথা ।

Cyclone Amfan effect on NE
ঘূৰ্ণীবতাহ আম্ফানে কি প্ৰভাৱ পেলাব উত্তৰ-পূৱত?

By

Published : May 19, 2020, 7:46 PM IST

কামৰূপ,19 মেঃ অশান্ত বংগোপ সাগৰত সৃষ্টি হোৱা আম্ফানে গতি কৰি আছে ভাৰতলৈ । বৰ্তমান বংগোপ সাগৰত ঘন্টাত 200 কিলোমিটাৰ বেগত থকা আম্ফানে উৰিষ্যা,পশ্চিম বংগৰ লগতে উপকূলীয় অঞ্চলসমূহত ল'ব সংহাৰী ৰূপ । ভাৰতত প্ৰেৱশ কৰাৰ লগে লগে ইয়াৰ গতিবেগ হৈ পৰিব ঘন্টাত প্ৰায় 185 কিলোমিটাৰ ।

ঘূৰ্ণীবতাহ আম্ফানে কি প্ৰভাৱ পেলাব উত্তৰ-পূৱত?

আনহাতে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো এই ঘূৰ্ণীবতাহৰ আংশিক প্ৰভাৱ পৰা পৰিলক্ষিত হ'ব । মঙলবাৰে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰে এই কথা । আম্ফানৰ ফলত 21 মে'ত অসম,মেঘালয়ৰ ঠাই বিশেষে পাতলীয়া বৰষুণৰ লগতে পশ্চিম দিশৰ বিভিন্ন ঠাইত মুষলধাৰ বৰষুণৰ অহাৰ সম্ভাৱনা আছে । অৱশ্যে এই ঘূৰ্ণীবতাহ বাংলাদেশত প্ৰৱেশ কৰাৰ পিছতে শেষ হৈ যাব বুলি তথ্য লাভ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । জনবসতি এলেকাত প্ৰৱেশ কৰাৰ পিছতে এই বতাহৰ দিশ সলনি হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক- বিহালীত ঘৰে ঘৰে উপস্থিত স্বাস্থ্য কৰ্মীৰ দল

ABOUT THE AUTHOR

...view details