গুৱাহাটী, 5 ফেব্ৰুৱাৰীঃঅন্ধ্ৰ প্ৰদেশৰ ভিতৰুৱা গাঁও এখনৰ পৰা ২০১৭ চনত চাইকেল লৈ ৰাজপথলৈ ওলাই আহিছিল জ্যোতি ৰংগলা । "ভাৰতৰ পথসমূহ মহিলাৰ বাবে সুৰক্ষিত" শ্ল'গানেৰে ভাৰতৰ ভিতৰত ৩০০০০ হাজাৰ কিলোমিটাৰ পথ চাইকেলৰে যাত্ৰা কৰি বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্য জ্যোতিৰ । বৰ্তমানলৈকে ভাৰতৰ ২৬ খনকৈ ৰাজ্যৰ ১৮০০০ হাজাৰ কিলোমিটাৰ পথ চাইকেলেৰে যাত্ৰা সম্পূৰ্ণ কৰি গুৱাহাটীত উপস্থিত হৈছে জ্যোতি । জ্যোতিক এই যাত্ৰা সফলতাৰ সম্পূৰ্ণ কৰি ভাৰত হৈ বিশ্ব ৰেকৰ্ড গঢ়িবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যৰে দিছপুৰ প্ৰেছ ক্লাৱত "ৰাইজড" নামৰ এক বেচৰকাৰী সন্থাই সম্বৰ্ধনা জনাই জ্যোতিক ।
চাইকেল চলাই বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্য জ্যোতি ৰংগলাৰ - চাইকেল চলাই বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্য জ্যোতি ৰংগলাৰ
চাইকেল চলাই বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্যস্থিৰ কৰা অন্ধ্ৰ প্ৰদেশৰ যুৱতীক বিশেষ সম্বৰ্ধনা গুৱাহাটীত। "ভাৰতৰ পথসমূহ মহিলাৰ বাবে সুৰক্ষিত" শ্লোগানেৰে ১৮০০০ হাজাৰ কিলোমিটাৰ পথ চাইকেল চলাই গুৱাহাটীত উপস্থিত হয় অন্ধ্ৰ প্ৰদেশৰ জ্যোতি ৰংগলা ।
![চাইকেল চলাই বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্য জ্যোতি ৰংগলাৰ জ্যোতি ৰংগলা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5969822-thumbnail-3x2-dsjdjd.jpg)
আনহাতে, দিছপুৰ প্ৰেছ ক্লাৱৰ সম্বৰ্ধনা অনুষ্ঠানত জ্যোতিয়ে সাংবাদিকক জানিবলৈ দিয়ে নিজৰ তিনি বছৰীয়া যাত্ৰাৰ অভিজ্ঞতা । বিগত তিনি বছৰ পথৰ ওপৰতে অতিবাহিত কৰা জ্যোতিয়ে নিজৰ অভিজ্ঞতা বাখ্যা কৰি কয় ভাৰতৰ পথসমূহ মহিলাৰ বাবে সুৰক্ষিত । বিদেশৰ বহু লোকে ভাৰতৰ পথ সমূহ মহিলাৰ বাবে সুৰক্ষিত নহয় বুলি ধাৰণা কৰে আৰু মই এই ধাৰণা ভুল বুলি প্ৰমাণ কৰিবলৈ চাইকেললৈ পথত ওলাই আহিছো ।
উল্লেখ্য যে, ২০১৯ চনৰ জুলাই মাহত উত্তৰ পূবত প্ৰৱেশ কৰা জ্যোতিয়ে বৰ্তমান সম্পূৰ্ণ কৰিছে উত্তৰ-পূৱৰ যাত্ৰা । গুৱাহাটীৰ পৰা জ্যোতিয়ে যাত্ৰা আৰম্ভ কৰিব ছিকিমলৈ। ছিকিমহৈ পশ্চিম বংগ, ঝাৰখণ্ড, উত্তৰাখণ্ড আৰু তাৰ পিছতে দক্ষিণ ভাৰতহৈ জ্যোতিয়ে দিল্লীত সামৰিব নিজৰ এই যাত্ৰা ।
TAGGED:
জ্যোতি ৰংগলা