গুৱাহাটী,24 নৱেম্বৰ: পানী সংৰক্ষণৰ সজাগতাৰ সৃষ্টিৰ লক্ষ্যৰে এক বিশেষ চাইকেল ৰেলীৰ নেতৃত্ব বহন কৰিছে গুজৰাটৰ এটা চাইক্লিষ্ট দলে । যোৱা ৩ নৱেম্বৰত গুজৰাটৰ পৰা ১১ গৰাকী চাইক্লিষ্টে যাত্ৰা আৰম্ভ কৰিছিল । দেওবাৰে দিনত গুৱাহাটীত চাইক্লিষ্টৰ দলটো উপস্থিত হয় । ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰত লায়ন্স ক্লাৱে আদৰণি জনায় সেউজীয়া পৃথিৱী গঢ়া আৰু পানী সংৰক্ষণৰ সজাগতাৰ লক্ষ্যৰে চাইকেল যাত্ৰাৰে গুৱাহাটীত উপস্থিত হোৱা দলটোক । শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই অনুষ্ঠানটোত উপস্থিত থাকি দলটোক সম্বৰ্ধনা জ্ঞাপন কৰে । এঘাৰজনীয়া এই দলটোত আছে ক্ৰমে মেজৰ জেনেৰেল ড৹ এ ভি কে মোহন, আই পি এছ ড৹ চি শৈলেন্দ্ৰ বাবু, কাননান ৰামাচান্দান, শেখৰ ৰাও, মানিপাল্লি বিনয় বাবু, ৰাকেশ কুমাৰ পাৱান, শ্ৰীনি স্বামীনাথন, বালাজী প্ৰসাদ, ভাস্কৰ গোবিন্দৰাজ, ৰাজেন্দ্ৰন ৰামামুৰ্থী, গ্ৰীণচীনা ভি চান্দৰান আৰু বিদ্যা চন্দৰান ।
পৰিৱেশ সংৰক্ষণৰ সজাগতাৰে ১১গৰাকী চাইক্লিষ্টৰ চাইকেল ৰেলী - cycle rally
পৰিৱেশ সংৰক্ষণৰ সজাগতাৰ লক্ষ্যৰে এক বিশেষ চাইকেল ৰেলী ৷ ৰেলীত অংশগ্ৰহণ কৰিছে গুজৰাটৰ 11 গৰাকী চাইক্লিষ্টে ৷
ইফালে, এই 11 গৰাকী চাইক্লিষ্টৰ নেতৃত্বত সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা গুৱাহাটীৰ ছাত্ৰীবাৰীলৈ পানী সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে উলিওৱা হয় এক চাইকেল ৰেলী । ৰেলীত প্ৰায় দুই শতাধিক চাইক্লিষ্টে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে, পৰিৱেশ তথা পানী সংৰক্ষণ কৰি পৃথিৱীক সেউজীয়াকৈ কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । তাৰোপৰি চাইক্লিষ্টৰ দলটোৰ এই সজাগতামূলক কাৰ্যক শলাগ লোৱাৰ লগতে লায়ন্স ক্লাৱক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী ভট্টাচাৰ্যই ।
আৰু পঢ়ক ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ প্ৰৱৰ্তন নহয়: ডিমা হাছাও জিলা বিজেপি