অসম

assam

অসমৰ বজাৰত নতুন চাইকেল

By

Published : Jun 2, 2019, 7:52 PM IST

দেওবাৰে মহানগৰীৰ ভঙাঘৰ ৰুদ্ৰাক্ষ মলত দুখনকৈ অত্যাধুনিক চাইকেল মুকলি কৰা হয় । বায়ু প্ৰদূষণ ৰোধ আৰু যানজঁট সমস্যাৰ বাবে অতিকৈ লাভদায়ক হ'ব এই চাইকেল দুখন । প্ৰথমবাৰলৈ মহানগৰীৰ লগতে উত্তৰ-পূব উপলব্ধ হ'ব এই বেটাৰিচালিত চাইকেল

উত্তৰ-পূবত বেটাৰিচালিত চাইকেল

গুৱাহাটী, 2 জুন: সমগ্ৰ বিশ্বজুৰি 3 জুনত পালন কৰা হয় "বিশ্ব চাইকেল দিৱস "। এই দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে মহানগৰীৰ ভঙাঘৰ ৰুদ্ৰাক্ষ মলত দুখনকৈ অত্যাধুনিক চাইকেল মুকলি কৰা হয় । বায়ু প্ৰদূষণ ৰোধ আৰু যানজঁট সমস্যাৰ বাবে অতিকৈ লাভদায়ক হ'ব এই চাইকেল দুখন । প্ৰথমবাৰলৈ মহানগৰীৰ লগতে উত্তৰ-পূব উপলব্ধ হ'ব এই বেটাৰিচালিত চাইকেল । 'গো জিৰো ৱান' আৰু 'গো জিৰো মাইল' নামৰ এই অত্যাধুনিক চাইকেল দুখন আনুষ্ঠানিকভাৱে মুকলি কৰে মিষ্টাৰ ইউনিভাৰ্চ মহাদেৱ ডেকাই । বৰ্তমান সময়ত চাইকেলখন সকলোৰে বাবে লাভদায়ক হ'ব বুলি উল্লেখ কৰে মহাদেৱ ডেকাই ।

উত্তৰ-পূবত বেটাৰিচালিত চাইকেল

উল্লেখযোগ্য যে এই অত্যাধুনিক চাইকেলখনৰ বেটাৰী এবাৰ চাৰ্জ দিলেই ৬০ কিঃমিঃ চলাব পাৰি । 'গো জিৰো ৱান'ৰ বজাৰ মূল্য হৈছে ৩২,৯৯৯ টকা আৰু 'গো জিৰো মাইল'ৰ মূল্য হৈছে ২৯,৯৯৯ টকা ।

ABOUT THE AUTHOR

...view details