গুৱাহাটী, ২০ জুনঃৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে চাইবাৰ অপৰাধ । বৰ্ধিত চাইবাৰ অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ গৃহ বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । চাইবাৰ অপৰাধ প্ৰতিৰোধ কৰিবলৈ ৰাজ্যত স্থাপন কৰা হ'ব চাৰিখনকৈ চাইবাৰ আৰক্ষী থানা । এই সন্দৰ্ভত অসম চৰকাৰৰ গৃহ আৰু ৰাজনীতি বিভাগে জাৰি কৰিছে জাননী । এই জাননী অনুসৰি নতুনকৈ স্থাপন কৰিবলগীয়া এই চাৰিখন চাইবাৰ আৰক্ষী থানাৰ ভিতৰত দুখন স্থাপন কৰা হ'ব গুৱাহাটীত । আনহাতে, আন দুখনৰ ভিতৰত এখন উজনি অসমৰ ডিব্ৰুগড়ত আৰু আনখন বৰাক উপত্যকাৰ শিলচৰত স্থাপন কৰা হ'ব ।
উল্লেখ্য যে গুৱাহাটীত স্থাপন কৰিবলগীয়া চাইবাৰ আৰক্ষী থানাৰ এখন চি আই ডিৰ মুখ্য কাৰ্যালয়ত হ'ব আৰু আনখন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা হ'ব । গুৱাহাটীৰ এই দুয়োখন চাইবাৰ আৰক্ষী থানা একোজনকৈ ডি এছ পি পৰ্যায়ৰ বিষয়াই নিৰীক্ষণ কৰিব । আনহাতে,ডিব্ৰুগড় আৰু শিলচৰৰ চাইবাৰ আৰক্ষী থানা দুখন অ' চি পৰ্যায়ৰ বিষয়াই নিৰীক্ষণ কৰিব । গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ত স্থাপন হ'বলগীয়া চাইবাৰ আৰক্ষী থানাৰ নেতৃত্বত এজন ডি এছ পি থকাৰ উপৰি ৬ জনকৈ পৰিদৰ্শক, উপ-পৰিদৰ্শক, হেড কনিষ্টবল, নায়ক আৰু লেন্স নায়ক থাকিব । তদুপৰি থাকিব ২০ জনকৈ কনিষ্টবল । সেইদৰে চি আই ডিৰ কাৰ্যালয়ত স্থাপন হ'বলগীয়া থানাখনত থাকিব এজন ডি এছ পিৰ লগতে ১০ জনকৈ পৰিদৰ্শক, উপ-পৰিদৰ্শক, হেড কনিষ্টবল, নায়ক আৰু লেন্সনায়ক। লগতে থাকিব ৩০ জন কনিষ্টবল ।
ইফালে, ডিব্ৰুগড়ৰ চাইবাৰ আৰক্ষী থানাই শদিয়া আৰক্ষী জিলা, তিনিচুকীয়া, ডিব্ৰুগড়,শিৱসাগৰ, যোৰহাট, লখিমপুৰ আৰু ধেমাজিক সামৰি ল'ব । শিলচৰ চাইবাৰ আৰক্ষী থানাই শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু ডিমা হাচাওক সামৰি ল'ব । এই আৰক্ষী থানা দুখনত ৫ জনকৈ পৰিদৰ্শক, উপ-পৰিদৰ্শক, হেড কনিষ্টবল, নায়ক, লেন্সনায়ক থকাৰ উপৰি ১৫ জনকৈ কনিষ্টবল থাকিব ।