অসম

assam

নুমলীগড় তেল শোধনাগাৰৰ নামত ভুৱা ৱেবছাইট: চাকৰি প্ৰত্যাশীৰ পৰা ধন লুটাৰ চেষ্টা

By

Published : Jul 4, 2022, 10:53 PM IST

নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ (Numaligarh Refinery Limited)নামত ভুৱা ৱেবচাইট ৷ ৱেৱচাইটত ভুৱা বিজ্ঞাপন দি ধন সৰকোৱাৰ পাং পাতিছে চাকৰি প্ৰত্যাশীৰ পৰা ৷ এই ক্ষেত্ৰত সজাগ হোৱাৰ আহ্বান শোধনাগাৰ কতৃপক্ষৰ ৷

Numaligarh Refinery Limited
নুমলীগড় তেল শোধনাগাৰৰ নামত ভুৱা ৱেবছাইট

গুৱাহাটী, ৪ জুলাই: অসাধু চক্ৰই নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ (Numaligarh Refinery Limited)নামত ভুৱা ৱেবচাইট খুলি ধন সৰকোৱাৰ অভিসন্ধি ৰচিছে । নুমলীগড় শোধনাগাৰ লিমিটেডৰ নামত প্ৰকৃত কৰ্পোৰেট ৱেবচাইট www.nrl.co.in ৰ ঠাইত এনআৰএলৰ এক ভুৱা ৱেবচাইট www.nrlindia.in সৃষ্টি কৰি খালী পদৰ ভুৱা বিজ্ঞাপন দি প্ৰাৰ্থীৰ পৰা ধন আত্মসাৎ কৰিবলৈ দুষ্ট চক্ৰটোৱে চেষ্টা চলাইছে ।

এনআৰএল-এ ভাৰত চৰকাৰৰ নেছনেল চাইবাৰ ক্ৰাইম ৰিপ'টিং পৰ্টেলত(National Cyber Crime Reporting)l ইতিমধ্যে অভিযোগ দাখিল কৰাৰ লগতে স্থানীয় আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে । ইতিমধ্যে, কোম্পানীয়ে সকলো পক্ষকে এই ভুৱা ৱেবচাইটৰ বিপৰীতে ধন পৰিশোধ নকৰিবলৈ আহ্বান জনাইছে । এই ভুৱা ৱেবচাইটটোত হোম পেজৰ মেইন মেনুত ‘কেৰিয়াৰ’নামৰ এটা লিংক আছে (Fake website of NRL) ।

লিংকটোত ক্লিক কৰিলে পেজটোলৈ লৈ যায় য’ত ৩২৩৫ টা ভুৱা খালী পদৰ বিজ্ঞাপন দিয়া হৈছে । প্ৰাৰ্থীৰ সবিশেষ বিচাৰি আৰু পেমেণ্ট এপ্লিকেছনত ১,০০০ টকা অনলাইন ট্ৰেন্সফাৰ কৰিবলৈ নিৰ্দেশ দিয়া আছে ।

লগতে পঢ়ক:ডিব্ৰুগড় খোৱাঙত ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details